আঢ়ৈ ঘন্টা ধৰি প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ লগত কি কথা পাতিলে শ্বাহে?

ৰেচলিং ফেডাৰেছন অফ ইণ্ডিয়াৰ অধ্যক্ষ তথা বিজেপি সাংসদ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদ কৰি আছে মল্লযোদ্ধাসকলে

author-image
Asomiya Pratidin
New Update
আঢ়ৈ ঘন্টা ধৰি প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ লগত কি কথা পাতিলে শ্বাহে?

ডিজিটেল ডেস্কঃ বিগত প্ৰায় এমাহ ধৰি ৰাজধানী দিল্লীত মল্লযোদ্ধাসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ৰেচলিং ফেডাৰেছন অফ ইণ্ডিয়াৰ অধ্যক্ষ তথা বিজেপি সাংসদ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদ কৰি আছে মল্লযোদ্ধাসকলে। তাৰ মাজতে শনিবাৰে মল্লযোদ্ধাসকলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে।

Advertisment

প্ৰায় আঢ়ৈ ঘন্টা সময় শ্বাহৰ লগত কথা পাতে মল্লযোদ্ধাসকলে।ইতিমধ্যে দিল্লী আৰক্ষীয়ে বিজেপিৰ সাংসদগৰাকীৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ দাখিল কৰিছে।

মল্লযুঁজাৰু বজৰং পুনিয়াই কয় যে, ''শনিবাৰে নিশাৰ ভাগত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক আমি তেওঁৰ  দিল্লীস্থিত বাসগৃহত সাক্ষাৎ কৰিছিলো। নিশা প্ৰায় ১১ বজাৰ পৰা আৰম্ভ হোৱা এই বৈঠক আঢ়ৈ ঘন্টা ধৰি চলিছিল''।

মল্লযোদ্ধা সকলে সাংসদ ব্ৰীজভূষণৰ বিৰুদ্ধে উচিত শাস্তি গ্ৰহণ কৰাৰ আহ্বান জনায়। এই ক্ষেত্ৰত অমিত শ্বাহে তেওঁলোকক আশ্বাস দিয়ে যে আইন সকলোৰে বাবে সমান। আইনে নিজৰ কাম কৰি আছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে এই মল্লযোদ্ধাসকলে তেওঁলোকৰ মেডেল গংগাত উটুৱাই দিয়াৰ কথা কৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকে এই সিদ্ধান্ত সলনি কৰি ৫ দিনৰ সময়সীমা বান্ধি দিছিল। সেই সময় সীমা উকলি যোৱাৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰে প্ৰতিবাদকাৰী মল্লযোদ্ধা সকলে।

Also Read: আশাৰ সঞ্চাৰ হৈ উঠিছে ৮০ৰ উৰ্ধৰ খেলুৱৈৰে আৰম্ভ হোৱা জাপানৰ ফুটবল লীগ...

amit shah delhi protest