ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে বৈঠকঃ১৫ জুনৰ ভিতৰত শেষ কৰিব ব্ৰীজ ভূষণৰ বিৰুদ্ধে তদন্ত...

ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে বৈঠকঃ১৫ জুনৰ ভিতৰত শেষ কৰিব ব্ৰীজ ভূষণৰ বিৰুদ্ধে তদন্ত...

author-image
Asomiya Pratidin
New Update
ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে বৈঠকঃ১৫ জুনৰ ভিতৰত শেষ কৰিব ব্ৰীজ ভূষণৰ বিৰুদ্ধে তদন্ত...

ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে বৈঠকঃ১৫ জুনৰ ভিতৰত শেষ কৰিব ব্ৰীজ ভূষণৰ বিৰুদ্ধে তদন্ত...

ডিজিটেল ডেস্কঃ অৱশেষত শেষ হোৱাৰ দিশে মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ! কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৰে বৈঠকৰ পাছতে মল্লযুঁজাৰুসকলে প্ৰায় ২ মাহ ধৰি অব্যাহত ৰখা তেওঁলোকৰ প্ৰতিবাদ প্ৰত্যাহাৰ কৰাৰ ইংগিত প্ৰদান কৰিলে।

Advertisment

মল্লযুঁজাৰুসকলৰ ভাষ্য অনুসৰি ১৫ জুনৰ ভিতৰত যৌন নিৰ্যাতনকাৰী মল্লযুঁজ সন্থাৰ সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে এই আশ্বাস প্ৰদান কৰিছে।

অৱশ্যে অনুৰাগ ঠাকুৰে দিয়া সেই আশ্বাস পূৰণ নকৰিলে পুনৰ মল্লযুঁজাৰুসকলে প্ৰতিবাদ আৰম্ভ কৰিব বুলিও দাবী কৰিছে। উল্লেখ্য যে, যোৱা শনিবাৰে নিশা গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল প্ৰতিবাদী মল্লযুঁজাৰুসকলে।

কিন্তু তাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত তেওঁলোকৰ প্ৰতিবাদ অব্যাহত আছিল। তাৰ পাছতেই মল্লযুঁজাৰুসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনায় অনুৰাগ ঠাকুৰে। তেওঁ টুইটাৰত লিখিছিল, মল্লযুঁজাৰুসকলৰ সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ বাবে ইচ্ছুক কেন্দ্ৰ। আৰু এবাৰ তেওঁলোকক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

ইয়াৰ পাছতে ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰ বাসগৃহত উপস্থিত হয় মল্লযুঁজাৰুসকল। প্ৰায় ৫ ঘণ্টা ধৰি আলোচনা হয় দুয়ো পক্ষৰ মাজত। তেওঁলোকে অনুৰাগ ঠাকুৰৰ সন্মুখত ৫ টা দাবী ৰাখিছে।

যাৰ ভিতৰত অন্যতম হ’ল ব্ৰীজ ভূষণ সিঙৰ গ্ৰেপ্তাৰ, নতুনকৈ মল্লযুঁজ সংস্থাৰ নিৰ্বাচন, এই নিৰ্বাচনত ব্ৰীজ ভূষণ সিং আৰু তেওঁৰ পৰিয়ালৰ সদস্যক অংশগ্ৰহণত বাধা প্ৰদান আৰু মল্লযুঁজাৰুৰৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে ৰুজো কৰা গোচৰ প্ৰত্যাহাৰ। মল্লযুঁজাৰুসকলৰ দাবী সংস্থাৰ মুৰব্বীৰ আসনত কোনো এগৰাকী মহিলাক বহোওৱা হওক।

সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি তেওঁলোকৰ ৩ টা দাবী মানি লৈছে ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে। তেওঁ লিখিত ভাৱে ৩ টা দাবী ক্ৰমে সংস্থাৰ পুনৰ নিৰ্বাচন, মল্লযুঁজাৰুৰ বিৰুদ্ধে ৰুজো হোৱা গোচৰ প্ৰত্যাহাৰ আৰু তেওঁলোকক নিৰাপত্তা প্ৰদানৰ দাবী মানি লোৱা হৈছে।

আনহাতে ব্ৰীজ ভূষণৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত ১৫ জুনৰ ভিতৰত সমাপ্ত কৰাৰ কথা প্ৰকাশ কৰিছে অনুৰাগ ঠাকুৰে। কিন্তু ব্ৰীজ ভূষণক গ্ৰেপ্তাৰ কৰা বিষয়টো মানি লোৱা নাই।

অনুৰাগ ঠাকুৰৰ সৈতে সম্পন্ন হোৱা এই বৈঠকৰ পাছতে মল্লযুঁজাৰুসকল কিছু নৰম হোৱাৰ ইংগিত পোৱা গৈছে। মল্লযুঁজাৰু বজৰং পুনিয়াই সাংবিদকৰ আগত এই সন্দৰ্ভত কয়, চৰকাৰী পক্ষই যি প্ৰস্তাৱ দিছে সেই প্ৰস্তাৱ খাপ পঞ্চায়ত আৰু শুভাকাংক্ষীৰ সৈতে আলোচনা কৰিব।

তাৰ পাছত আন্দোলন তথা প্ৰতিবাদ সন্দৰ্ভত পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব। বজৰং পুনিয়াই ইংগিত প্ৰদান কৰা অনুসৰি ১৫ জুনলৈকে প্ৰতিবাদ স্থগিত থাকিব। তাৰ পাছতো যদি কোনো পদক্ষেপ গ্ৰহণ নকৰে তেন্তে পুনৰ বিক্ষোভ আৰম্ভ কৰিব মল্লযুঁজাৰুসকলে।

Also Read: বিদ্যুতৰ নাটনিঃ নিশা ৮ বজাতেই বন্ধ কৰিব লাগিব সকলো বজাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান...

মল্লযুঁজাৰু অনুৰাগ ঠাকুৰ