নাট্য: কিয় বিশেষ আজিৰ দিনটো...

কি বিশেষৰ বাবে আজি দিনটো কলা-কৌশলীৰ বাবে জৰুৰী..
নাট্য: কিয় বিশেষ আজিৰ দিনটো...

ডিজিটেল ডেস্ক: নাটক বা থিয়েটাৰ বুলিলে আমাৰ মনত ঢৌ-তুলে কাহিনীৰ ৰসাল একোখন ছবিয়ে। আৰু কাহিনীৰ অবাস্তৱিক ছবিক প্ৰাণ দিয়ে অভিনয়ৰ আঁৰত থকা সকলে। কেতিয়াবা যদি এই অভিনয়ে আমাক হাঁহিৰ খোৰক দিয়ে, কেতিয়াবা আকৌ দুখৰ জীয়া ছবিয়ে গঢ়ি তুলে অশ্ৰুসিক্ত নয়ন। আজি সেই নাটকৰ বিশেষ দিন। নাট্য জগতৰ বিশেষ দিনটোক পালন কৰা হয় বিশ্ব নাট্য দিৱস হিচাপে।

১৯৬২ চনত পোনপ্ৰথমবাৰৰ বাবে ইন্টাৰনেশ্ব্যনেল থিয়েটাৰ ইনচটিটিউট অৰ্থাৎ আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আয়োজন কৰা এই দিৱসটি প্ৰতিবছৰে ২৭ মাৰ্চ দিনটোত সমগ্ৰ বিশ্বই পালন কৰি আহিছে। সাংস্কৃতিক জগত খনত এই দিৱসটোৰ স্থান সুকীয়া। নাটকৰ লগত জড়িত লোকসকলৰ লগতে সাধাৰণ ৰাইজৰ বাবেও এই দিনটোয়ে গুৰুত্ব লাভ কৰি আহিছে।

ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় ভাৱে এই দিৱসটি উদযাপনৰ বাবে প্ৰতিটো থিয়েটাৰ প্ৰতিষ্ঠানৰ লগতে কলা-কৌশলী সকলও নিজাববীয়াকৈ পালন কৰে এই দিৱস। প্ৰতিদিনে অভিনয়ৰ লগত জড়িত লোক সকলে এই দিনটোত নিজকে যেন সাজু কৰে সুকীয়াকৈ। নাটক উপভোগ কৰি ভালপোৱা লোক সকলেও এই দিনটোত নাটক উপভোগৰ বাবে যেন উত্তাৱল হৈ পৰে।

নাট্য: কিয় বিশেষ আজিৰ দিনটো...
আমচাং অভয়াৰণ্যৰ চাৰিসীমা নিৰ্ধাৰণৰ অন্তিম সময়সীমা ধাৰ্য কৰিলে উচ্চ ন্যায়ালয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in