ভাৰতীয় খাদ্যৰ সোৱাদ ল'লে বিশ্ব বিখ্যাত মনালিছাই

ভাৰতীয় খাদ্যৰ সোৱাদ ল'লে বিশ্ব বিখ্যাত মনালিছাই

author-image
Asomiya Pratidin
New Update
ভাৰতীয় খাদ্যৰ সোৱাদ ল'লে বিশ্ব বিখ্যাত মনালিছাই

ডিজিটেল ডেস্কঃ ইটালীয়ান চিত্ৰকৰ লিঅ'নাৰ্ড' দ্যা ভিঞ্চিৰ অমৰ সৃষ্টি মনালিছা শীৰ্ষক ছবি। ভিঞ্চিৰ এই কালজয়ী সৃষ্টিৰ আঁৰত থকা উদ্দেশ্যৰ ৰহস্যৰ ভেদ কোনো দাৰ্শনিক অথবা কোনো অসাধাৰণ ব্যক্তিয়ে বৰ্তমানেও কৰিব পৰা নাই।

Advertisment

মনালিছা এক সাঁথৰ। মনালিছা সদায় মনালিচা। ই অমৰ,ই বিৰল। পেৰিছৰ 'মনালিছা' সমগ্ৰ বিশ্ববাসীৰ চিৰ পৰিচিত।

বিশ্বায়নৰ প্ৰভাৱ তথা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শেহতীয়া এবিধ প্ৰযুক্তিগত কৌশল AI আৰ্ট। অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা কৌশলৰ সহায়ত অংকন কৰা এক ছবি বিশেষ। উক্ত মাধ্যমৰ সহায়ত বিকাশ খান্না নামৰ এগৰাকী ভাৰতীয় ৰান্ধনি তথা চিত্ৰকৰে মনালিছাই ভাৰতীয় খাদ্য পৰিবেশন কৰি থকাৰ ছবি অংকন কৰে।

চিত্ৰশিল্পীগৰাকীয়ে শীৰ্ষক ছবিখন অংকন কৰাৰ পাছতেই সামাজিক মাধ্যমত প্ৰচাৰ কৰে। মনালিছাই ভাৰতীয় খাদ্য পৰিবেশন কৰি থকাৰ মুহুৰ্তত সৃষ্টি কৰা ছবিখনে সামাজিক মাধ্যমত ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে AI প্ৰযুক্তিৰ আধাৰত বলিউদ অভিনেতা-অভিনেত্ৰী তথা আন্তৰ্জাতিক পৰ্যায়ৰ খেলুৱৈসকলকলৈয়ো বিভিন্ন ছবি অংকন কৰা হৈছিল।

Also Read: 'প্লাষ্টিক প্ৰদূষণ' এক মহামাৰী...

leonardo da vinci Mona Lisa