আজি বিশ্ব এইডছ দিৱস

আজি বিশ্ব এইডছ দিৱস

ডিজিটেল ডেস্কঃ আজি বিশ্ব এইডছ দিৱস। প্ৰতি বছৰে ডিচেম্বৰ মাহৰ ১ তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব এইডছ দিৱস পালন কৰা হয়। বিশ্বজুৰি এইডছ দিৱস পালনৰ উদ্দেশ্য হৈছে ৰোগবিধৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ মানুহক সাাহস দিয়া। 

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-এ মানি অহা ৮টা গোলকীয় জনস্বাস্থ্য প্ৰচাৰ অভিযানৰ এটা হৈছে বিশ্ব এইডছ দিৱস৷ এইডছ দিৱস ১৯৮৮ চনৰ পৰা পালন কৰি অহা হৈছে৷ ছুইজাৰলেণ্ডৰ জেনেভাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ দুজন ৰাজহুৱা তথ্য বিষয়া জেমছ বান আৰু থমাছ নেটাৰে ১৯৮৭ চনৰ আগষ্টত পোন প্ৰথমবাৰৰ বাবে UNAIDS-ৰ ড॰ জনাথন মেনৰ আগত বিশ্ব এইডছ দিৱস পালনৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে আৰু এই পৰিকল্পনাত সঁহাৰি জনাই ড॰ মেনে ১৯৮৮ চনৰ ১ ডিচেম্বৰত প্ৰথম বিশ্ব এইডছ দিৱস পালনৰ পোষকতা কৰে৷ 

২০২৩ বৰ্ষৰ বিশ্ব এইডছ দিৱসৰ মূল বিষয়বস্তু হৈছে- "Let communities lead"। যিয়ে এইডছৰ বিৰুদ্ধে যুঁজ দিয়াত সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকাক সূচায়।

আজি বিশ্ব এইডছ দিৱস
কাজিৰঙাত ধান খাবলৈ অহা গঁড়ক শেল মাৰি নিধন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in