কাজিৰঙাত ধান খাবলৈ অহা গঁড়ক শেল মাৰি নিধন

কাজিৰঙাত ধান খাবলৈ অহা গঁড়ক শেল মাৰি নিধন

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত গঁড়ৰ চিকাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত দাতিকাষৰীয়া কৃষিভূমিলৈ ওলাই অহা গঁড়ক শেল নিক্ষেপ উদ্যানৰ সমীপৰ বেজগাওঁৰ নৰেন শইকীয়া নামৰ এজন ব্যক্তিৰ। ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া কৃষিভূমিত যোৱা ২৪ নবেম্বৰত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা।

বৃহস্পতিবাৰে বিয়লিভাগত কহঁৰা বনাঞ্চলৰ তেতেলীগুৰি বন শিবিৰৰ সমীপৰ পূব-ইকৰানীৰ ঘন জংঘলৰ মাজত উদ্ধাৰ হয় শেলবিদ্ধ গঁড়ৰ মৃতদেহটো। ইতিমধ্যে বন বিভাগে নৰেন শইকীয়া নামৰ লোকজনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

বন বিভাগে এই ঘটনাক গঁড়ৰ চিকাৰ বুলি উল্লেশ কৰি প্ৰকাশ কৰে যে গঁড়টোৰ সন্ধানত বিগত ২৪ নবেম্বৰৰ পৰা বিভাগীয় হাতী আৰু ড্ৰোণৰ সহায়ত সন্ধান চলাই থকা হৈছিল যদিও বৃহস্পতিবাৰে বিয়লি ভাগতহে গঁড়ৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগ।

উল্লেখযোগ্য যে গঁড়ৰ খৰ্গটো অক্ষত অৱস্থাত উদ্ধাৰ কৰিছে বন বিভাগে লগতে গঁড়টোৰ দেহত নিক্ষেপ কৰা শেলডালো উদ্ধাৰ কৰা হৈছে। ঘটনাস্থলীৰ পৰা শেলৰ লগতে গঁড়টোৰ বিভিন্ন অংগ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বন বিভাগে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ কাজিৰঙাত।

কাজিৰঙাত ধান খাবলৈ অহা গঁড়ক শেল মাৰি নিধন
নাজিৰাত ড্রাগছসহ আটক যুৱক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in