/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/8cf439c2-1246-42dd-a404-ab5dd1b7c9b6/navy.jpg)
ভাৰতীয় নৌসেনাত প্ৰথমবাৰৰ বাবে নিযুক্তি দিয়া হ'ব মহিলাক...
ডিজিটেল ডেস্কঃ ভাৰতীয় নৌসেৱা বাহিনীৰ ঐতিহাসিক সিদ্ধান্ত। প্ৰথমবাৰৰ বাবে নৌসেনাত অন্তৰ্ভুক্ত কৰা হ'ব মহিলা। নৌসেনা দিৱসৰ প্ৰাকক্ষণত এই ঐতিহাসিক ঘোষণা কৰিলে নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰিকুমাৰে।
এক সংবাদ মেলত এডমিৰেল হৰি কুমাৰে কয় যে, ভাৰতীয় নৌবাহিনীত প্ৰথমবাৰৰ বাবে মহিলাক নিযুক্তি দিয়া হ'ব। অগ্নিবীৰৰ প্রথম বেটছত প্ৰায় ৩ হাজাৰক নিযুক্তি দিয়া হ'ব আৰু তাৰ ভিতৰত ৩৪১ গৰাকী মহিলাক নৌসেনাৰ নাবিক হিচাপে নিযুক্তি দিয়া হ'ব।
তেওঁ কয়, মহিলাসকলক পুৰুষৰ সমানেই এই নিযুক্তিৰ বাবে প্ৰশিক্ষণ দি সাজু কৰি তোলা হৈছে। নাৰী সবলীকৰণত সশস্ত্ৰ বাহিনীয়ে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে নৌবাহিনীত ৩৪১গৰাকী মহিলাক নাবিক হিচাপে নিযুক্তি দিয়া সন্দৰ্ৰভত তেওঁ কয়, কেন্দ্ৰীয় চৰকাৰে নৌবাহিনীক সম্পূর্ণ আশ্বাস দিছে যে ২০৪৭ চনৰ ভিতৰত নৌসেনা সম্পূর্ণ আত্মনিৰ্ভৰ হ'ব।
উল্লেখ্য যে নৌসেনা বাহিনীত প্ৰথমবাৰৰ বাবে মহিলাক এই পদবীত নিযুক্তি দিয়া হ'ব। পৃথকভাৱে কোনো মহিলাক নিযুক্তি দিয়া হোৱা নাই। তেওঁলোকক পুৰুষ প্ৰতিদ্বন্দ্বীৰ সমানেই একে আর্হিত নিযুক্তি দিয়া হ'ব।
এয়া হৈছে নিৰ্বাচনৰ অভিন্ন পদ্ধতি। পৰুষ আৰু মহিলাক একেই প্রশিক্ষণ দিয়া হৈছে। মহিলাসকলক জাহাজ, বিমান ঘাটি আৰু বিমানত নিযুক্তি দিয়া হ'ব। সাধাৰণ নাবিকৰ দৰেই সকলো ক্ষেত্ৰতে তেওঁলোকক প্রশিক্ষণ দিয়া হ'ব। এডমিৰেলগৰাকীয়ে কয়, ভাৰতীয় মহাসাগৰ অঞ্চলত চীনৰ সামৰিক আৰু গৱেষণা জাহাজৰ চাল-চলনতকৈ নৌবাহিনীয়ে সূক্ষ্ম নিৰীক্ষণ ৰাখিছে।
ক্লিক কৰি পঢ়কঃ এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিং কাণ্ড...