কন্যাই মাতৃক বন্দী কৰি ৰাখিলে আলমাৰীত, পাছত মৃতদেহ পোৱা গ'ল প্লাষ্টিকৰ মোনাত

দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। কিছুমান ঘটনাই সকলোকে আচৰিত কৰি বহু প্ৰশ্ন উত্থাপন কৰি যায়।
CRIME
CRIME

ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। কিছুমান ঘটনাই সকলোকে আচৰিত কৰি বহু প্ৰশ্ন উত্থাপন কৰি যায়। এনে এক আচৰিত ঘটনা সংঘটিত হৈছে মুম্বাইত।

বুধবাৰে মুম্বাইৰ লালবাউগ অঞ্চলত প্লাষ্টিকৰ মোনাৰ ভিতৰত এগৰাকী ৫৩ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। মহিলা গৰাকীক হত্যাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ কন্যাৰ বিৰুদ্ধে। আৰক্ষীয়ে কয় যে ২১ বছৰীয়া যুৱতী গৰাকীয়ে তেওঁৰ মাতৃক কেইবাদিনো ধৰি আলমাৰীত বন্দী কৰি থৈছিল। আৰু নিজ কন্যাইয়ে হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ।

মৃত মহিলাগৰাকীৰ ভাতৃ আৰু ভতিজাকে মঙলবাৰে আৰক্ষীৰ ওচৰত তেওঁৰ নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল। তাৰ পাছকে আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। আৰক্ষীয়ে তদন্তৰ প্ৰথম অৱস্থাতে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত যুৱতীক আটক কৰি জেৰা আৰম্ভ কৰিছে। মহিলা গৰাকীৰ মৃত্য়ুৰ কাৰণ বৰ্তমান সময়লৈকে জানিব পৰা নাই।

CRIME
কাজিৰঙাত পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in