ফ্লাইঅভাৰৰ তলত টুকুৰা-টুকুৰ অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ, আৰক্ষীৰ তদন্ত আৰম্ভ

পুনৰ এক হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজধানী দিল্লী। এগৰাকী মহিলাৰ মৃতদেহৰ টুকুৰা উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

author-image
Asomiya Pratidin
New Update
ফ্লাইঅভাৰৰ তলত টুকুৰা-টুকুৰ অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ, আৰক্ষীৰ তদন্ত আৰম্ভ

ডিজিটেল ডেস্কঃ পুনৰ এক হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজধানী দিল্লী। এগৰাকী মহিলাৰ মৃতদেহৰ টুকুৰা উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। দিল্লীৰ গীতা কলনী থানাৰ অন্তৰ্গত এখন ফ্লাইঅভাৰৰ কাষক এগৰাকী মহিলাৰ মৃতদেহৰ টুকুৰ উদ্ধাৰ হয়।

Advertisment

বুধবাৰে পুৱা এই টুকুৰা উদ্ধাৰৰ পাছত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীয়ে জনাই যে, পুৱা কোনোলোকে মানৱ দেহৰ অংগ প্ৰত্যক্ষ কৰা বুলি আৰক্ষীক খবৰ দিছিল। তাৰপাছতে ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী।

মৃতদেহৰ টুকুৰাবোৰ বিভিন্ন ঠাইত পেলাই থোৱা অৱস্থাত আছিল। অৱশ্যে বৰ্তমান পৰ্যন্ত মহিলাগৰাকী চিনাক্ত হোৱা নাই। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান অনুসৰি মহিলাগৰাকীৰ বয়স ৩৫ ৰ পৰা ৪০ বছৰমান হ'ব।

এই ঘটনাৰ পাছতে দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালীবালে টুইট কৰি প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে, দিল্লীৰ গীতা কলনিত মহিলাৰ মৃতদেহৰ টুকুৰা পোৱা গৈছে। আৰক্ষীক জাননী জাৰি কৰা হৈছে। মহিলাগৰাকী কোন আছিল? দোষীক কেতিয়া গ্ৰেপ্তাৰ কৰিব? এটাৰ পাছত আন এটা ভয়ংকৰ হত্যাকাণ্ড দিল্লীত কিয় হৈ আছে? দিল্লীৰ আইন ব্যৱস্থা সম্পূৰ্ণৰূপে শেষ হৈ গৈছে।

উল্লেখ্য যে, মহিলাগৰাকীক কিয় কেনেদৰে হত্যা কৰা হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তৰ পাছতহে সকলো পোহৰলৈ আহিব।

Also Read: জামুগুৰিহাটত বন্যহস্তীৰ সন্ত্ৰাস, ভাঙি তহিলং কৰিলে সকলো...

delhi crime