জামুগুৰিহাটত বন্যহস্তীৰ সন্ত্ৰাস, ভাঙি তহিলং কৰিলে সকলো...

নিশাৰ ভাগত অহা বন্যহস্তীৰ জাকে অঞ্চলটোৰ ৰাইজৰ খেতি খোলা মহতিয়াই তহিলং কৰাৰ লগতে ৰাইজৰ বাসগৃহ পৰ্য্যন্ত ভাঙি তহিলং কৰে।

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত বন্যহস্তীৰ সন্ত্ৰাস, ভাঙি তহিলং কৰিলে সকলো...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ উত্তৰাঞ্চলত জাক জাক বন্যহস্তীয়ে চলাইছে সন্ত্ৰাস।নিশাৰ ভাগত অহা বন্যহস্তীৰ জাকে অঞ্চলটোৰ ৰাইজৰ খেতি খোলা মহতিয়াই তহিলং কৰাৰ লগতে ৰাইজৰ বাসগৃহ পৰ্য্যন্ত ভাঙি তহিলং কৰে।

Advertisment

বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাতি আহি এটা প্ৰকাণ্ড হাতীয়ে বুধবাৰে পুৱতি নিশাই জামুগুৰিহাটৰ ২নং বৰদিকৰাইৰ লক্ষণ গোৱালাৰ ঘৰত প্ৰৱেশ কৰি বাসগৃহৰ পকী দেৱাল ভাঙি তহিলং কৰে। লগতে চাউলকে ধৰি অন্যান্য খাদ্য সামগ্ৰী নষ্ট কৰে ৷

সৌভাগ্যক্ৰমে হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে পৰিয়ালটোৰ লোক সকল ৷ উল্লেখ্য যে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ মংগলবৰীয়া,খৃষ্টানবস্তি, মিলন পুৰ আদি অঞ্চলত বিগত কেইবা দিনো ধৰি উপদ্ৰপ চলাই আহিছে ৷ স্থানীয় ৰাইজে বনবিভাগক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহনৰ দাবী জনাই আহিছে যদিও বনৰীয়া হাতী খেদি পঠোৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে বন বিভাগৰ লোক৷

Also Read: মণিপুৰৰ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Wild elephanat