মহিলা কেব চালকক বীয়েৰৰ বটলেৰে আক্ৰমণঃ ডকাইতিৰ অপচেষ্টা...

মহিলা কেব চালকক বীয়েৰৰ বটলেৰে আক্ৰমণঃ ডকাইতিৰ অপচেষ্টা...

author-image
Asomiya Pratidin
New Update
মহিলা কেব চালকক বীয়েৰৰ বটলেৰে আক্ৰমণঃ ডকাইতিৰ অপচেষ্টা...

মহিলা কেব চালকক বীয়েৰৰ বটলেৰে আক্ৰমণঃ ডকাইতিৰ অপচেষ্টা...

ডিজিটেল ডেস্কঃ নিৰাপত্তাহীনতাত ভূগিছে দিল্লীবাসী। হত্যা, হিংসাৰে প্ৰতিদিন চৰ্চাৰ শীৰ্ষত থকা দিল্লীত এইবাৰ এগৰাকী মহিলা উবেৰ চালকৰ লগত সংঘটিত হ'ল ডকাইতি কাণ্ড।

ঘটনাৰ বিবৰণ অনুসৰি প্ৰিয়ংকা নামৰ মহিলা উবেৰ চালকগৰাকীক দুজন ব্যক্তিয়ে আই এছ বি টিৰ কাষত ডকাইতিৰ চেষ্টা কৰিছিল। ব্যক্তি দুগৰাকীয়ে মহিলা কেব চালকগৰাকীক ডকাইতি কৰাৰ উদ্দেশ্যৰে শাৰীৰিক ভাৱেও আক্ৰমণ কৰে।

তেওঁলোকে হাতত থকা বীয়েৰৰ বটলেৰে প্ৰিয়ংকা নামৰ মহিলা কেব চালকগৰাকীৰ ডিঙি আৰু শৰীৰৰ আন আন ঠাইত আঘাত কৰে। যাৰ বাবে ডিঙি আৰু দেহৰ আন আন অংশত মুঠ ১০ টা চিলাই পৰিছে।

আৰক্ষীয়ে এতিয়ালৈকে ডকাইতিৰ চেষ্টা চলোৱা দুই ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই। এই ঘটনা সংঘটিত হৈছিল যোৱা ৯ জানুৱাৰীত।

ক্লিক কৰি পঢ়কঃ বড়োলেণ্ড সামাজিক পৰামৰ্শদান কেন্দ্ৰ মুকলি...

দিল্লী মহিলা কেব চালক