বড়োলেণ্ড সামাজিক পৰামৰ্শদান কেন্দ্ৰ মুকলি...
বড়োলেণ্ড সামাজিক পৰামৰ্শদান কেন্দ্ৰ মুকলি...

বড়োলেণ্ড সামাজিক পৰামৰ্শদান কেন্দ্ৰ মুকলি...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বি টি আৰ চৰকাৰৰ উদ্যোগত কোকৰাঝাৰত বড়োলেণ্ড সামাজিক পৰামৰ্শদান কেন্দ্ৰ মুকলি ৷ কোকৰাঝাৰ চহৰৰ বিবেকানন্দ পথৰ হিন্দী স্কুলৰ সমীপত মুকলি কৰা হয় এই কেন্দ্ৰটো ৷

বুধবাৰে আনুষ্ঠানিকভাৱে এই পৰামৰ্শদান কেন্দ্ৰটো মুকলি কৰে বি টি আৰৰ সমাজ কল্যাণ বিভাগৰ EM গৌতম দাসে ৷ উল্লেখ্য যে, বি টি আৰৰ কোকৰাঝাৰকে ধৰি চিৰাং, বাক্সা , ওদালগুৰি আৰু তামুলপুৰ জিলাতো অনুৰূপ কেন্দ্ৰ এটাকৈ মুকলি কৰা হ'ব ৷

সমাজত হিংসাৰ বলি হোৱা শিশু,কিশোৰ, কিশোৰী, মনস্তাত্বিক নিৰাময় , বাল্য বিবাহ, গৃহ কন্দল, নিচাসক্ত দ্ৰব্য সেৱন, উদ্যোমী ব্যক্তি আৰু উচ্চ শিক্ষিত পৰিয়ালৰ আৰ্থিক সমস্যাকে ধৰি বিভিন্ন দিশত সামাজিক ন্যায় প্ৰদানৰ সেবাৰ্থা উক্ত কেন্দ্ৰটো মুকলি কৰা হৈছে ৷

এই উদ্বোধনী অনুষ্ঠানত বি টি আৰৰ বিজেপি পাৰিষদ ৰাজীৱ কুমাৰ ব্ৰহ্ম, বি টি আৰৰ যুটীয়া সচিব পামী ব্ৰহ্মৰ লগতে সমাজ কল্যাণ বিভাগৰ বিষয়ববীয়া সকলো উপস্থিত থাকে ৷

ক্লকি কৰি পঢ়কঃ টাটা মেজিক আৰু বাইকৰ মুখামুখি সংঘৰ্ষঃ দুজন গুৰুতৰ ভাৱে আহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in