নৃশংস! মহিলাক হত্যা কৰি উলিয়াই দিলে চকু, কাটিলে জিভা; একাংশ মানৱৰ জঘন্য কাণ্ড

৪৫ বছৰীয়া মহিলাগৰাকীক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হয়।কেৱল ইমানেই নহয়, মহিলাগৰাকীৰ চকু উলিয়াই দিয়া হৈছিল।

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ মুখত ক'লাকাপোৰ বান্ধি যুৱতী কৰ্মচাৰীক ধৰ্ষণ

ডিজিটেল ডেস্কঃ ভূমি বিবাদৰ ভয়ংকৰ পৰিণাম। অতি নৃশংসভাৱে হত্যা কৰা হ'ল এগৰাকী মহিলাক। ৪৫ বছৰীয়া মহিলাগৰাকীক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হয়।কেৱল ইমানেই নহয়, মহিলাগৰাকীৰ চকু উলিয়াই দিয়া হৈছিল। অতি বিকৃত অৱস্থাত উদ্ধাৰ হৈছিল মহিলাগৰাকীৰ মৃতদেহ।

Advertisment

বিহাৰৰ খাগৰীয়া জিলাত সংঘটিত হৈছে এই হত্যাকাণ্ড। সোমবাৰে আৰক্ষীয়ে জনাই এই কথা। আৰক্ষীয়ে জানিবলৈ দিয়া মতে মহিলাগৰাকীৰ গোপন অংগতো আঘাতৰ চিন স্পষ্ট আছিল। মহিলাগৰাকী সুলেখা দেৱী বুলি চিনাক্ত হৈছে। এখন ফাৰ্মত কাম কৰি ঘৰলৈ ঘূৰি অহাৰ সময়তে তেওঁৰ ওপৰত এই আক্ৰমণ চলিছিল।

মহিলাগৰাকীৰ পৰিয়ালে ৫ গৰাকীলোকৰ ওপৰত অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে। সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা চলাই আছে।

খবৰ অনুসৰি শনিবাৰে এই হত্যাকাণ্ড সংঘটিত হৈছিল। প্ৰথমে মহিলাগৰাকীক প্ৰহাৰ কৰি হত্যা কৰিছিল। তাৰ পিছত তেওঁলোকে চুৰিৰে চকু উলিয়াইছিল, জিভা কাটিছিল আৰু তাইৰ গোপনীয় অংশ বিকৃত কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: অৱতৰণত সমস্যাঃ গুৱাহাটীলৈ ওভতাই পঠিওৱা হ'ল যাত্ৰাবাহী বিমান

crime