/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d3d1a526-f37c-4ece-bbe5-486da650fcb7/AP_FOR_WEB_murder.jpg)
ডিজিটেল ডেস্কঃ ২০ বছৰীয়া এজন যুৱকক হত্যা কৰাৰ অভিযোগত মহিলাসহ দুজনলোকক গ্ৰেপ্তাৰ। উত্তৰ-পূব দিল্লীৰ শাস্ত্ৰী পাৰ্ক অঞ্চলত দেওবাৰে (১৬ জুলাই) আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এই তিনিগৰাকী। গ্ৰেপ্তাৰৰ পাছতেই পোহৰলৈ আহিছে বহু তথ্য।
আৰক্ষীয়ে কয় যে, মহিলাগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি যুৱক আবুজাৰে তেওঁক কেইবাবাৰো ধৰ্ষণ কৰিছিল। সেই ধৰ্ষণৰ প্ৰতিশোধ ল'বলৈ তেওঁ যুৱকজনক হত্যা কৰাৰ সিদ্ধান্ত লৈছিল। ঘটনাৰ বিৱৰণী অনুসৰি মহিলাগৰাকীয়ে যুৱকজনক যমুনা নদীৰ পাৰলৈ লৈ গৈছিল আৰু তাতেই অন্য বন্ধুৰ সৈতে মিলি হত্যাকাণ্ড সংঘটিত কৰিছিল।
দেওবাৰে পুৱা প্ৰায় ৮:৩৪ বজাত শাস্ত্ৰী পাৰ্ক অঞ্চলৰ বেলা ফাৰ্মত উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ। উদ্ধাৰৰ সময়ত মৃতদেহটোৰ ডিঙি আৰু পেটত আঘাতৰ চিহ্ন দেখা গৈছিল।
আৰক্ষীয়ে চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰাৰ পিছত দুজনক সন্দেহ কৰিছিল। তেওঁলোক উত্তৰ প্ৰদেশৰ বাদায়ুনৰ বাসিন্দা এগৰাকী ২০ বছৰীয়া মহিলা আৰু শাস্ত্ৰী পাৰ্কৰ বাসিন্দা ইৰফান (৩৬) বুলি চিনাক্ত হৈছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তেওঁলোকক আটক কৰিছিল।
আৰক্ষীৰ জেৰাত মহিলাগৰাকীয়ে কয় যে, তেওঁৰ স্বামীৰ জানুৱাৰী মাহত মৃত্যু হৈছিল। যুৱকজনে তেওঁক কেইবাবাৰো ধৰ্ষণ কৰিছিল আৰু স্বামীৰ মৃত্যুৰ পাছত যৌন নিৰ্যাতন বৃদ্ধি পাইছিল। যাৰ বাবে তেওঁ প্ৰতিশোধ ল'ব বিচাৰিছিল। সেয়ে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।