ৰাজপথৰ আন্দোলন এৰি ৰান্ধনীৰ ৰূপত আছুৰ সভাপতি...

ৰাজপথৰ আন্দোলন এৰি ৰান্ধনীৰ ৰূপত আছুৰ সভাপতি...

ডিজিটেল ডেস্কঃ ৰাজপথৰ আন্দোলনে কেতিয়াও এটা জাতিৰ অস্তিত্ব ৰক্ষা কৰিব নোৱাৰে, পাৰে কেৱল কৰ্ম আন্দোলনেৰেহে। এটা জাতিৰ ভেটি তেতিয়াহে সৱল হয় যেতিয়া জাতিটোৰ আৰ্থিক স্থিতি মজবুত হয়।

এই মন্ত্ৰকে সৰোগত কৰি কেৱল কথাৰেই নহয় কামেৰেই এলেহুৱা জাতি বুলি নিজৰ জাতিটোত লগা লাঞ্ছনা আঁতৰাবলৈ আগবাঢ়ি আহিছে দুই উদ্যমী অসমীয়া যুৱনেতা। বোকাখাত মহকুমা ছাত্ৰ সংন্থাৰ সাংস্কৃতিক সম্পাদক দীপ ঠাকুৰীয়া আৰু কাকডোঙা আঞ্চলিক ছাত্ৰ সংন্থাৰ সভাপতি ভাৰ্গৱজ্যোতি কলিতাই কিছুদিন পূৰ্বে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত আৰম্ভ কৰে 'ৰঘুপতি' নামেৰে এখন ৰেষ্টুৰেন্টৰ।

ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত থকাৰ লগতে এগৰাকী সুদক্ষ সাংস্কৃতিক কৰ্মীৰূপেও পৰিচিত দীপ ঠাকুৰীয়াই এক সাক্ষাৎকাৰত সাংবাদিকক কয় যে, অসমীয়া যুৱসমাজ কৰ্মমুখী হোৱা উচিত।কোনো কামতেই লাজ নকৰি সকলোধৰণৰ কাম কৰিবলৈ অসমীয়া ডেকাসকল আগবাঢ়ি আহিব লাগে।কেৱল কামৰ জৰিয়তেহে অসমীয়া জাতিটোক আগবঢ়াই নিব পৰা যাব।

ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া যুৱকসকলক কাম কৰিবলৈ ওলাই আহিবলৈ কৰা আহ্বানক এক সুন্দৰ পদক্ষেপ বুলিও তেওঁ মত প্ৰকাশ কৰে।কাকডোঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি তথা অভিনেতাগৰাকীয়ে এই বিষয়ে মত প্ৰকাশ কৰি কয় যে, অসমীয়া জাতিটো এটা ইতিহাস প্ৰসিদ্ধ জাতি। অসমীয়া জাতিৰ ভেটি টনকীয়াল কৰিব পৰাকৈ জাতিটোৰ ইতিমধ্যেই সকলো আছে। তথাপিও আজিৰ প্ৰজন্মক এই কথা সোৱৰাই দিয়াৰ প্ৰয়োজন হৈছে যে জাতি এটা সৱল কৰি ৰাখিবলৈ জাতিটোৰ অৰ্থনৈতিক আধিপত্য থকাতো অতি দৰকাৰী আৰু এইটোৱেই বৰ্তমান সময়ত অসমীয়া সমাজৰ কৰ্মবিমুখিতাক দৰ্শাইছে। অমসীয়া যুৱকৰ বাবে আঁচনি উপলব্ধ কৰি কাম কৰিবলৈ আহ্বান জনাব লগা হৈছে যিটো অন্য জাতিৰ ক্ষেত্ৰত প্ৰয়োজনীয় নহয়।

সমাজৰ কিছু অযুক্তিকৰ নিয়মৰ কথা উল্লেখ কৰি ছাত্ৰ নেতাজনে কয় যে, সমাজখনেও যুৱসমাজক কৰ্মসংস্কৃতিক প্ৰতি আগ্ৰহী কৰি তোলাত সহায় কৰিব লাগিব। ইয়াৰ পূৰ্বে ব্ৰইলাৰ মাংসৰ ব্যৱসায় কৰাৰ অজুহাততেই সমাজৰ কিছু বৰমূৰীয়াই তেওঁলোকক এঘৰীয়া কৰি থৈছিল বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে।

যি সময়ত সত্যৰঞ্জন বৰাৰ দৰে নেতাই অসমীয়াৰ তেজ দেহৰ পৰা উলিৱাই পেলাব মন, নিজে অসমীয়া হোৱা বাবে লজ্জিত অনুভৱ হোৱা বুলি মন্তব্য দিছে তেনেসময়তে নিজৰ কৰ্মেৰে বহুলোকক আগৰ্শৰ বাট দেখুৱাইছে এই দুই কৰ্মোদ্যমী অসমীয়া যুৱনেতাই।

ৰাজপথৰ আন্দোলন এৰি ৰান্ধনীৰ ৰূপত আছুৰ সভাপতি...
পাকিস্তানী চোৰাংচোৱা নেকি সীমা হায়দৰ? গ্ৰেপ্তাৰৰ সময়ত পলায়নৰ চেষ্টা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in