বেজী দি অচেতন! পাছত যুৱতীক দলবদ্ধ ধৰ্ষণ চিকিৎসকৰ...

বেজী দি অচেতন! পাছত যুৱতীক দলবদ্ধ ধৰ্ষণ চিকিৎসকৰ...

ডিজিটেল ডেস্কঃ দিল্লীৰ এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই দেশজুৰি অব্যাহত আছে চাঞ্চল্যৰ । যুৱতী গৰাকীক বেজি দি দুই চিকিৎসকে বলৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত । ইতিমধ্যেই এজন অভিযুক্তক সোমবাৰে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২৪ বছৰীয়া এগৰাকী যুৱতীৰ সৈতে ২২ বছৰীয়া চাকিবৰ ৱাটছ আপ যোগে হৈছিল চিনাকী । আৰু চাকিবে যুৱতীগৰাকীৰ সৈতে চিনাকী হওঁতে নিজকে এগৰাকী চিকিৎসক বুলি পৰিচয় দিছিল। লগতে চাকিবৰ এখন ক্লিনিক আছে বুলিও জনাইছিল যুৱতীগৰাকীক । যুৱতীগৰাকী অসুস্থ হৈ থকা বাবে ৭ জুনত গৈছিল চাকিবৰ ক্লিনিকলৈ ।

যুৱতীগৰাকীয়ে আৰক্ষীক জনোৱা অনুসৰি ক্লিনিক খনতেই লগ পাইছিল জাকিৰ নামৰ চিকিৎসক বুলি পৰিচয় দিয়া অন্য এজন লোকক । ৭ জুনৰ দিনা ক্লিনিকত দেখুৱাৰ পিছত যুৱতীগৰাকী সুস্থ হৈ উঠা নাছিল । ইয়াৰ পিছতেই ১৯ জুনত যুৱতীগৰাকী ক্লিনিক খনলৈ পুনৰ স্বাস্থ্য দেখুৱাবলৈ বাবে যায় । ক্লিনিক খন বন্ধ পোৱাৰ পিছতেই জাকিৰে যুৱতীগৰাকীক চাকিবৰ ঘৰলৈ যাবলৈ দিয়া বুলি অভিযোগ কৰিছে । তাৰপাছত যুৱতীগৰাকী চাকিবৰ ঘৰলৈ গৈছিল।সেই সময়ত চাকিবৰ ঘৰত কোনো নাছিল।

পৰৱৰ্তী সময়ত চাকিব আহি যুৱতীগৰাকীক এটা বেজি দিয়ে। বেজি দিয়াৰ পিছতেই যুৱতীগৰাকী অচেতন হৈ পৰে । যেতিয়া জ্ঞান ঘূৰাই পাই তেতিয়া নিজকে অৰ্ধ উলংগ অৱস্থাত পোৱাৰ কথা আৰক্ষীৰ আগত উল্লেখ কৰিছে যুৱতীগৰাকীয়ে। অভিযোগ অনুসৰি যুৱতীগৰাকীক ভিডিঅ' ভাইৰেল কৰি দিয়াৰো ভয় ভাবুকি প্ৰদান কৰিছিল অভিযুক্তই।

ইতিমধ্যেই চিকিৎসকদ্বয়ৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ডি, ৩৪২, ৫০৬ আৰু ৩২৮ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছে । চাকিবক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । জাকিৰ বৰ্তমানেও পলাতক অৱস্থাত আছে । অৱশ্যে অভিযুক্ত কেইজন প্ৰকৃততে চিকিৎসক হয় নে নহয় এই লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

বেজী দি অচেতন! পাছত যুৱতীক দলবদ্ধ ধৰ্ষণ চিকিৎসকৰ...
শ-শ মহিলাই কঁপালে মায়ঙৰ ৰাজপথ; প্ৰতিবাদকাৰীক দেখি পলাল চৰকাৰী কৰ্মচাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in