Advertisment

শ-শ মহিলাই কঁপালে মায়ঙৰ ৰাজপথ; প্ৰতিবাদকাৰীক দেখি পলাল চৰকাৰী কৰ্মচাৰী...

শ-শ মহিলাই কঁপালে মায়ঙৰ ৰাজপথ; প্ৰতিবাদকাৰীক দেখি পলাল চৰকাৰী কৰ্মচাৰী

author-image
Asomiya Pratidin
New Update
শ-শ মহিলাই কঁপালে মায়ঙৰ ৰাজপথ; প্ৰতিবাদকাৰীক দেখি পলাল চৰকাৰী কৰ্মচাৰী...

ডিজিটেল সংবাদ, মায়ং : মায়ঙৰ ৰাজপথত মহিলাৰ প্ৰতিবাদী সমদল। উত্তাল কৰি তুলিলে মায়ং গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদ। পঞ্চায়তত সংঘটিত ব্যাপক দুৰ্নীতি-অনিয়ম প্ৰতিৰোধৰ দাবীত শতাধিক মহিলাই প্ৰতিবাদেৰে কঁপালে মায়ঙৰ ৰাজপথ। পঞ্চায়তৰ লোহাৰ দুৱাৰ ভাঙি কাৰ্যালয় প্ৰাংগনত জঁপিয়াই পৰিল প্ৰতিবাদী জনতা।

Advertisment

মৰিগাঁও জিলাৰ মায়ঙৰ আঞ্চলিক মহিলা সৱলীকৰণ নামৰ এটা মহিলা সংগঠনৰ নেতৃত্বত শ-শ মহিলা সাব্যস্ত কৰে এই প্ৰতিবাদ। চৰকাৰী আঁচনি ৰূপায়নৰ নামত এচাম দালাল আৰু মধ্যভোগীয়ে চূড়ান্ত দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰি চৰকাৰী ঘৰ নোপোৱাৰ ক্ষোভ মহিলাৰ।

ভুক্তভোগীৰ অভিযোগ পি এম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈছে ধনী মানুহ। বঞ্চিত হৈছে প্ৰকৃত কৃষক। অৰুণোদয় আঁচনিৰ তালিকা প্ৰস্তুত কৰোতে দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ একাংশ জনপ্ৰতিনিধি আৰু পঞ্চায়তৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে। যাৰ বাবে প্ৰতিবাদত নামিল শ-শ মহিলা।

ৰাজনৈতিক আৰ্শীবাদ পুষ্ট এচাম দালালে সুবিধা ভোগ কৰিছে। যাৰ পৰিণতিত ক্ষোভ উজাৰিব লগা হৈছে সাধাৰণ জনতাই। উল্লেখযোগ্য যে, প্ৰতিবাদৰ ভয়ত পঞ্চায়তৰ কোনো এজন কৰ্মচাৰীয়ে দেখা কৰিবলৈ সাহস নকৰিলে প্ৰতিবাদকাৰীক। তদুপৰি উপস্থিত নাছিল সভাপতি-সচিব। অৱশেষত মায়ং ৰাজহ চক্ৰ বিষয়া আহি পোৱাৰ পিছত হে শান্ত হয় প্ৰতিবাদকাৰী। ৰাইজৰ দাবী মানি ল'বলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।

Also Read: দেশতেই বৃদ্ধি পাইছে বিলাহীৰ মূল্য; অতিষ্ঠ গ্ৰাহক...

GOVT OF ASSAM