নাগৰিকত্ব সংশোধনী আইনেৰে সংখ্যালঘুৰ গুৰুত্ব হ্ৰাস কৰিব শাসনাধিষ্ঠ চৰকাৰে : অমৰ্ত্য সেন

নাগৰিকত্ব সংশোধনী আইনেৰে সংখ্যালঘুৰ গুৰুত্ব হ্ৰাস কৰিব শাসনাধিষ্ঠ চৰকাৰে : অমৰ্ত্য সেন

ডিজিটেল ডেস্ক : অৱশেষত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত মন্তব্য আগবঢ়ালে নবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনে । এক প্ৰখ্যাত সংবাদ গোষ্ঠীৰ সৈতে হোৱা নবেল বঁটা বিজয়ী গৰাকীৰ এক সাক্ষাৎকাৰত অমৰ্ত্য সেনে উল্লেখ কৰে বহু কেইটা আইন খনৰ বহু কেইটা দিশ । অমৰ্ত্য সেনে সাক্ষাৎকাৰটিত জনায় যে, জাতিৰ পিতা মহাত্মা গান্ধীয়ে কল্পনা কৰা দেশখনত জাতি,বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে সম্য অধিকাৰ আছিল । কিন্তু ৰাজনীতিৰ পাকচক্ৰত সেইয়া সম্ভৱ হৈ উঠা নাই ।

একেটা সাক্ষাৎকাৰত বৰ্ষীয়ান অৰ্থনীতিবিদ গৰাকীয়ে জনোৱা অনুসৰি, বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ নীতি অনুসৰি নাগৰিকত্ব সংশোধনী আইনে দেশৰ সংখ্যালঘুৰ গুৰুত্ব ক্ৰমাৎ হ্ৰাস কৰি আনিব । আনহাতে, হিন্দু ধৰ্মাৱলম্বী সংখ্যাগৰিষ্ঠ লোকসকলক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে অধিক দমনীয় কৰি তুলিব এই আইনখনে ।

উল্লেখ্য যে, ২০২০ বৰ্ষৰ আৰম্ভণিত এই আইনখনৰ বিৰুদ্ধে সমগ্ৰ দেশতেই পৰিলক্ষিত হৈছিল উত্তাল প্ৰতিবাদৰ । তাৰেই সমান্তৰালকৈ কিছু কিছু স্থানত দেখা গৈছিল বিক্ষিপ্ত ঘটনাও । শেহতীয়াকৈ দেশৰ বহু অঞ্চলত দুয়োটা ধৰ্মৰ লোকৰ মাজত সংঘটিত হৈছিল হিংসামূলক ঘটনাও । ইয়াৰ কাৰণ হয়তো আন কিন্তু ই দেশৰ সামগ্ৰিক পৰিৱেশ অস্থিৰ কৰি তুলিব যে সেইয়া খাটাং । তেনেস্থলত অৰ্থনীতিবিদ গৰাকীৰ মন্তব্য নিশ্চয়কৈ উপলুঙা কৰিব পৰা নাযাব আগন্তুক সময়ত... 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in