অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু হ'ল আৱৰ্জনা ! দিলে মুকলিকৈ গুলীওৱাৰ হুংকাৰ...

অলিম্পিক পদৰ বিজয়ী মল্লযুঁজাৰু হ'ল আৱৰ্জনা ! দিলে মুকলিকৈ গুলীওৱাৰ হুংকাৰ...
অলিম্পিক পদৰ বিজয়ী মল্লযুঁজাৰু হ'ল আৱৰ্জনা ! দিলে মুকলিকৈ গুলীওৱাৰ হুংকাৰ...

ডিজিটেল ডেস্কঃ মল্লযুঁজাৰুক উদ্দেশ্যি প্ৰাক্তন আই পি এছ বিষয়াৰ এটা টুইট আৰু অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু বজৰং পুনিয়াৰ ৰিটুইটে এতিয়া পুনৰ সৃষ্টি কৰিছে তীব্ৰ আলোড়ণ। টুইটাৰৰ জৰিয়তে প্ৰাক্তন আই পি এছ বিষয়াই প্ৰতিবাদী মল্লযুঁজাৰুক দিলে গুলীওৱাৰ হুংকাৰ।

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ নৱ নিৰ্মিত সংসদ ভৱন উদ্বোধন কৰাৰ  সময়তে দিল্লীৰ ৰাজপথত গণতন্ত্ৰৰ টেটু চেপা দিছিল অমিত শ্বাহৰ গৃহ বিভাগৰ অধীনস্থ দিল্লী আৰক্ষীয়ে। বিশ্ব ক্ৰীড়া জগতত ভাৰতৰ মান উচ্চ শিখৰলৈ লৈ যোৱাত সফল হোৱা মহিলা মল্লযুঁজাৰুসকলক দিল্লী আৰক্ষীয়ে ৰাজপথত চোচৰাই, বগৰাই যি অত্যাচাৰ কৰিলে সেই অত্যাচাৰে চূড়ান্ত সীমা অতিক্ৰম কৰিলে।

ন্যায় প্ৰাপ্তিৰ বাবে যোৱা এমাহৰো অধিক কাল ধৰি প্ৰতিবাদ অব্যাহত ৰখা মল্লযুঁজাৰুসকলৰ খবৰ ল'বলৈ আহৰি নোহোৱা, তেওঁলোকৰ অভিযোগ শুনিবলৈ ৫ মিনিট সময় নোহোৱা প্ৰধানমন্ত্ৰীয়ে এইসকল খেলুৱৈয়ে যেতিয়া দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল সেই সময়ত তেওঁলোকৰ লগত ফটো উঠিবলৈ পাহৰি যোৱা নাছিল। এই খেলুৱৈসকলক যিগৰাকী ব্ৰীজ ভূষণ সিঙে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ কৰি আহিছে, সেই ব্ৰীজ ভূষণকেই 'গণতন্ত্ৰৰ মন্দিৰ' স্বৰূপ সংসদ ভৱন শুউ উদ্বোধন অনুষ্ঠানত কাষত ৰাখিলে মোডীয়ে।

এনে পৰিস্থিতিত উপায়ন্তৰহৈ সংসদ ভৱনৰ সন্মুখত পঞ্চায়ত বহাবলৈ চেষ্টা কৰি যন্তৰ মন্তৰৰ পৰা প্ৰতিবাদী সমদল কৰিবলৈ আগবঢ়া মল্লযুঁজাৰুসকলক দিল্লী আৰক্ষীযে যি বৰ্বৰ আচৰণ কৰিলে সেই আচৰণক সকলোৱে একেমুখে ধিক্কাৰ দিয়াৰ সময়তে আকৌ এগৰাকী প্ৰাক্তন আই পি এছ বিষয়াই এইসকল মল্লযুঁজাৰুক গুলীওৱাৰ হুংকাৰ দিলে।

তেওঁৰ এই হুংকাৰক আকৌ টুইটাৰতে উভতি ধৰিলে বজৰং পুনিয়াই। বজৰং পুনিয়াই শপত লৈ ক’লে-'পিঠি নেদেখুৱাও, বুকু পাতি লম তোৰ গুলী'। দিল্লীত সৃষ্টি হোৱা পৰিস্থিতিৰ পাছতে ড০ এন চি আস্থানা নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়াই টুইটাৰত দিল্লীৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছিল, প্ৰয়োজন হ'লে গুলীও কৰিম।

ইয়াৰোপৰি তেওঁ লিখিছে, এতিয়া কেৱল আৱৰ্জনাৰ দৰে চোচৰাই পেলাই দিছে। ১২৯ নং ধাৰা অনুসৰি আৰক্ষীৰ গুলী কৰাৰ অধিকাৰ আছে। উচিত পৰিস্থিতিত সেই ইচ্ছাও পূৰণ হ'ব। কিন্তু সেইবোৰ জানিবলৈ শিক্ষিত হোৱাটো আৱশ্যক। পোষ্টমৰ্টেম টেবুলত পুনৰ লগ পাম।

অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়াগৰাকীৰ এই টুইটৰ পাছতে তেওঁক বিভিন্নজনে টুইটাৰতে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। দায়িত্বত থকাৰ সময়ত তেওঁ আইনৰ অপপ্ৰয়োগ কৰাৰো প্ৰসংগ উত্থাপন হৈছে।

তাৰ মাজতে বজৰং পুনিয়াই ৰিটুইট কৰি লিখিছে, এই আই পি এছ বিষয়াই আমাক গুলীওৱাৰ কথা কৈছে। ইয়াৰোপৰি শপত লৈ তেওঁ লিখিছে, পিঠি নেদেখুৱাও, বুকু পাতি লম তোৰ গুলী। আমাৰ লগত কৰিবলৈ এয়াই বাকী ৰৈছেগৈ। এয়াও সঠিক।

উল্লেখ্য যে, মল্লযুঁজাৰুসকলক এইদৰে গুলীওৱাৰ হুংকাৰ দিয়া অৱসৰপ্ৰাপ্ত এই আই পি এছ বিষয়াগৰাকীয়ে কেৰালাৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও বি এছ এফ আৰু চি আৰ পি এফটো অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে কৰ্মৰত আছিল।

এইগৰাকী অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়াই কিমান আইন মানি চলে বা আইনক সন্মান কৰে সেয়া তেওঁৰ টুইটাৰ একাউণ্টতত এভুমুকি মাৰিলে সকলোৱে জানিব পাৰিব। প্ৰতিটো টুইটত তেওঁ গণতন্ত্ৰ আৰু গণতান্ত্ৰিক পন্থাক কিদৰে চৰম ভেঙুচালি কৰিছে সেয়া বুজিব পাৰিব।

ইফালে দিল্লী আৰক্ষীয়ে মল্লযুঁজাৰুসকলৰ দেওবাৰে সংসদ ভৱনলৈ যোৱাৰ চেষ্টা চলোৱাৰ সন্দৰ্ভত তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। খবৰ অনুসৰি কেইবাজনো মল্লযুঁজাৰুৱে প্ৰাণৰ মমতাত আত্মগোপন কৰিছে।   

User
অলিম্পিক পদৰ বিজয়ী মল্লযুঁজাৰু হ'ল আৱৰ্জনা ! দিলে মুকলিকৈ গুলীওৱাৰ হুংকাৰ...
জামুগুৰিহাটত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্দ্ধনা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in