ভগ্নীৰ বিয়াত দিব বিচাৰিছিল উপহাৰঃ পত্নীয়ে কোবাই কোবাই হত্যা কৰিলে এজনক

উত্তৰ প্ৰদেশৰ বাৰাবংকীৰ পৰা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এজনলোকে ভগ্নীৰ বিয়াত উপহাৰ দিব বিচৰা বাবেই হত্যা কৰিলে পত্নীয়ে।

author-image
Asomiya Pratidin
New Update
ভগ্নীৰ বিয়াত দিব বিচাৰিছিল উপহাৰঃ পত্নীয়ে কোবাই কোবাই হত্যা কৰিলে এজনক

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বাৰাবংকীৰ পৰা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এজনলোকে ভগ্নীৰ বিয়াত উপহাৰ দিব বিচৰা বাবেই হত্যা কৰিলে পত্নীয়ে।  বুধবাৰে পোহৰলৈ আহিছে এই ঘটনা।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি নিজ ভাতৃয়ে ভগ্নীৰ বিয়াত সোণৰ আঙুঠি আৰু টিভি উপহাৰ দিব বিচাৰিছি। কিন্তু এয়াই কাল হ'ল চন্দ্ৰ প্ৰকাশ মিশ্ৰাৰ বাবে। তেওঁৰ পত্নী ছবিয়ে বিচৰা নাছিল দামী উপহাৰ দিয়াতো। যাৰ বাবে ছবিয়ে স্বামী চন্দ্ৰ প্ৰকাশক মৰিয়াই মৰিয়াই হত্যা কৰে।  

চন্দ্ৰ প্ৰকাশ মিশ্ৰাৰ ভগ্নীৰ বিয়া আছিল ২৬ এপ্ৰিলত। তেওঁ ভনীয়েকক এটা সোণৰ আঙুঠি আৰু এটা টিভি উপহাৰ দিব বিচাৰা বাবে ক্ষোভিত হৈছিল ছবি। যাক লৈ দুয়োৰে মাজত তৰ্কা-তৰ্কি হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, খঙত পত্নীয়ে তেওঁ ভাতৃকেইজনক মাতি আনে । তেওঁলোকে চন্দ্ৰ প্ৰকাশক প্ৰায় ১ ঘন্টা ধৰি লাঠিৰে কোবায়। পৰৱৰ্তী সময়ত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মৃত্যু হয় তেওঁৰ।

হত্যাকাণ্ডৰ পাছত ছবি আৰু তেওঁৰ ৫ ভায়েকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: মঙলদৈ দৈনিক বজাৰত ক্ষুদ্ৰ ব্যৱসায়ীৰ মাৰ-পিটঃআহত পিতা-পুত্ৰ

uttar pradesh