মঙলদৈ দৈনিক বজাৰত ক্ষুদ্ৰ ব্যৱসায়ীৰ মাৰ-পিটঃআহত পিতা-পুত্ৰ

মঙলদৈ দৈনিক বজাৰত ক্ষুদ্ৰ ব্যৱসায়ীৰ মাৰ-পিটঃআহত পিতা-পুত্ৰ

author-image
Asomiya Pratidin
New Update
মঙলদৈ দৈনিক বজাৰত ক্ষুদ্ৰ ব্যৱসায়ীৰ মাৰ-পিটঃআহত পিতা-পুত্ৰ

ডিজিটেল সংবাদ,মঙলদৈঃ বুধবাৰে মঙলদৈ দৈনিক বজাৰত ক্ষুদ্ৰ ব্যৱসায়ীৰ মাজত মাৰ-পিটৰ ঘটনা সংঘটিত হয়। ইমদাদুল হক নামৰ এজন লোকৰ দোকানৰ সন্মুখত চাইকেল ৰাখি থয় আৰেঙৰ জীতেন ডেকা নামৰ এজন লোকে। চাইকেল থোৱাকলৈ দুই পক্ষ তৰ্ক বিতৰ্কত লিপ্ত হয়। পৰৱৰ্তি সময়ত জীতেন ডেকাৰ পুত্ৰ শশাংক ডেকাই ইমদাদুলক আক্ৰমণ কৰিবলৈ অহাত দুয়োপক্ষৰ মাজত মাৰ-পিটৰ ঘটনা সংঘটিত হয়।

Advertisment

ইমদাদুলে বাঁহেৰে শশাংকৰ মূৰত বেয়াকৈ আঘাত কৰা ফলত শশাংক মাটিত বাগৰি পৰে। লগে লগে স্থানীয় ৰাইজে শশাংকক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।ইতিমধ্যে মঙলদৈ আৰক্ষীয়ে ইমদাদুল হকক আটক কৰি সোধ-পোচ আৰম্ভ কৰিছে।

Also Read: পৰিমল শুক্লবৈদ্যৰ সমৰ্থনত শিলচৰত সোণোৱালৰ বাইক ৰেলী

darrang news Mangaldai conflict Mangaldai market