নিৰ্বাচনী বণ্ডঃ SBI ক বণ্ডৰ নম্বৰ প্ৰকাশ কৰাৰ নিৰ্দেশ উচ্চতম ন্য়ায়ালয়ৰ...

নিৰ্বাচনী বণ্ডঃ SBI ক বণ্ডৰ নম্বৰ প্ৰকাশ কৰাৰ নিৰ্দেশ উচ্চতম ন্য়ায়ালয়ৰ...

ডিজিটেল ডেস্কঃ নিৰ্বাচনী বণ্ড সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংকক পুনৰ ধমক উচ্চতম ন্যায়ালয়ৰ। বেংকক ন্যায়ালয়ে প্ৰশ্ন কৰিছে যে কিয় বণ্ডৰ নম্বৰৰ প্ৰকাশ কৰা নাই? বেংকে আল্ফা সাংখ্যিক নম্বৰটো কিয় প্ৰকাশ কৰা নাই? ন্যায়ালয়ে এছবিআইক বণ্ড নম্বৰ প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে।

ন্যায়ালয়ে নিৰ্দেশ দি কৈছে যে চীল কৰা তথ্য নিৰ্বাচন আয়োগক দিব লাগে। সেয়া আয়োগে আপলোড কৰিব লাগিব। লগতে বণ্ড ক্ৰয় আৰু পূঁজি দিয়াৰ তাৰিখ উল্লেখ কৰাতো গুৰুত্বপূৰ্ণ আছিল।

উচ্চতম ন্যায়ালয়ে কয় যে বণ্ড নম্বৰৰ পৰা জানিব পৰা যাব যে কোন দাতাই কোনটো ৰাজনৈতিক দলক কিমান টকা দিছিল।

এই গোচৰটোৰ পৰৱৰ্তী শুনানি সোমবাৰে অৰ্থাৎ ১৮ মাৰ্চত হ'ব। এই বিষয়টোৰ শুনানি আজি হ'ব লাগিছিল যদিও ১৮ মাৰ্চতহে হ'ব।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশৰ পাছতে এছবিআইয়ে দাখিল কৰিছিল নিৰ্বাচনী বণ্ডৰ তথ্য। এছবিআইয়ে দাখিল কৰাৰ তথ্য ৰাজহুৱা কৰিবলৈ ন্যায়ালয়ে সময় দিছিল ১৫ মাৰ্চ। কিন্তু ইয়াৰ এদিন পূৰ্বেই ১৪ মাৰ্চত নিৰ্বাচন আয়োগে দাখিল কৰিছিল নিৰ্বাচনী বণ্ডৰ তথ্য।

৩৩৭ পৃষ্ঠা আৰু ৪২৬ পৃষ্ঠাৰ দুখন তালিকাত ২২,২১৭ বণ্ডৰ জৰিয়তে ধন লাভৰ তথ্য প্ৰকাশ কৰিছিল। আয়োগে দাখিল কৰা প্ৰথমখন তালিকাত আছে ৰাজনৈতিক দলসমূহে কোন দিনা কিমান ধন লাভ কৰিছিল। ইয়াৰ বিপৰীতে দ্বিতীয়খন তালিকাত আছে কোন কোম্পানীয়ে কোন দিনা বণ্ড ক্ৰয় কৰিছিল। কিন্তু ৰহস্যজনকভাৱে কোন কোম্পানীৰ পৰা কোনটো ৰাজনৈতিক দলে ধন লাভ কৰিছিল ইয়াৰ কোনো তথ্যৰ উল্লেখ নাই।

নিৰ্বাচনী বণ্ডঃ SBI ক বণ্ডৰ নম্বৰ প্ৰকাশ কৰাৰ নিৰ্দেশ উচ্চতম ন্য়ায়ালয়ৰ...
কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পকচো আইনৰ অধীনত গোচৰ ৰুজু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in