কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পকচো আইনৰ অধীনত গোচৰ ৰুজু

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পকচো আইনৰ অধীনত গোচৰ ৰুজু

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিএছ য়াদিযুৰপ্পাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। এগৰাকী কিশোৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত গোচৰ ৰুজু হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। য়াদিযুৰপ্পাৰ বিৰুদ্ধে পকচো আইনৰ অধীনত গোচৰ ৰুজু হৈছে।

বাংগালুৰুৰ সদাশিৱনগৰত আৰক্ষীয়ে এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ মাতৃৰ অভিযোগৰ ভিত্তিত এই গোচৰ ৰুজু কৰিছে। অভিযোগ অনুসৰি কিশোৰীগৰাকীয়ে তেওঁৰ লগত হোৱা প্ৰৱঞ্চনাৰ ন্যায় বিচাৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰলৈ গৈছিল। তেতিয়াই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে যৌন নিৰ্যাতন চলাইছিল।

এনআইএৰ প্ৰতিবেদন অনুসৰি, এজাহাৰত উল্লেখ কৰা হৈছে যে বিশিষ্ট বিজেপি নেতাগৰাকীয়ে কিশোৰীগৰাকীক এটা কোঠাৰ ভিতৰলৈ টানি লৈ গৈছিল আৰু পাছত যৌন নিৰ্যাতন চলাইছিল। কিশোৰীগৰাকী যিকোনো প্ৰকাৰে উক্ত স্থানৰ পৰা পলায়ন কৰে আৰু ঘটনা সন্দৰ্ভত মাতৃক অৱগত কৰে।

ঘটনা সন্দৰ্ভত কৰ্ণাটকৰ গৃহমন্ত্ৰী জি পৰমেশ্বৰে কৈছে যে এগৰাকী মহিলাই আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীয়ে উল্লেখ কৰিছে তেওঁৰ কন্যাক প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে যৌন নিৰ্যাতন চলাইছে। কিন্তু যেতিয়ালৈকে সত্য উদঘাটন নহয় তেতিয়ালৈকে আমি একো কৰিব নোৱাৰো। এইটো বহু সংবেদনশীল বিষয়। আমি ইয়াৰ তদন্তৰ অপেক্ষা কৰি আছো।

অন্যহাতে য়াদিয়ুৰাপ্পাৰ কাৰ্যালয়ে সকলো অভিযোগ অস্বীকাৰ কৰিছে।

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পকচো আইনৰ অধীনত গোচৰ ৰুজু
নিৰ্বাচনী বণ্ডঃ নাম ক'ত ৰিলায়েন্স, আদানীৰ? কোনে দিলে ৰাজনৈতিক দলক ১৬৩৮ কোটি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in