কৰ্ণাটকত কোনে মাৰিব শেষ হাঁহি ?

বহু উৎকন্ঠাৰ অৱসান ঘটাই শনিবাৰে ঘোষণা হ'ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন । ১০ মে'ত ৰাজ্যখনত ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈছিল ।
কৰ্ণাটকত কোনে মাৰিব শেষ হাঁহি ?

ডিজিটেল ডেস্কঃ বহু উৎকন্ঠাৰ অৱসান ঘটাই শনিবাৰে ঘোষণা হ'ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন । ১০ মে'ত ৰাজ্যখনত ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈছিল ।

মুঠ ২২৪ খন আসন থকা ৰাজ্যখনত ক্ষমতা দখলৰ বাবে প্ৰয়োজন হোৱা মেজিক নম্বৰ হৈছে ১১৩ । উল্লেখিত মেজিক নম্বৰৰ আসন লাভ কৰা দলেটোৱেই ৰাজ্যখনত চৰকাৰ গঠন কৰিব পাৰিব ।

আজি দিনৰ ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব । ৰাজ্যখনৰ মুঠ ৩৬ টা ভোটগণনা কেন্দ্ৰত হ'ব গণনা ।

আজিৰ ফলাফলে নিৰ্ণয় কৰিব কোন দলে ৰাজ্যখনত চৰকাৰ গঠন কৰিব । কাৰ ভাগ্য আজিৰ উদয় হ'ব । ৰাজ্যখনত আজি ফলাফল ঘোষণাৰ হ'লেও কংগ্ৰেছ দলটোৱে অকলেই চৰকাৰ গঠন কৰিব দাবী কৰিছে ।

ইয়াৰ বিপৰীতে বিজেপিৰ বহুকেইজন নেতাই কিন্তু জে ডি এছৰ সমৰ্থনত চৰকাৰ গঠন কৰাৰ কথা উল্লেখ কৰিছে ।

প্ৰতিটো দলেই ক্ষমতালৈ অহাৰ কথা দাবী জনালেও কোনো এটা দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱন কম বুলি শেহতীয়াকৈ বিভিন্ন সংবাদ মাধ্য়ত প্ৰকাশ পোৱা এগজিট পলে উল্লেখ কৰিছে । ইপিনে জে ডি এছৰ নেতা কুমাৰ স্বামীয়ে উল্লেখ কৰিছে উভয় দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ জেডিএছৰ সহায় ল'ব লাগিব ।

তদুপৰি পূৰ্বেও জে ডি এছয়ে কংগ্ৰেছ বিজেপি দুয়ো দলৰ সৈতে লগ লাগি ৰাজ্যখনত চৰকাৰ গঠন কৰাৰ নজিৰ আছে ।

উল্লেখ্য যে কৰ্ণাটকৰ ৰাজনৈতিক ইতিহাসত কোনোটো দলেই বৰ্তমানলৈ দুৱাৰকৈ একলেঠাৰিয়ে শাসনত অধিষ্ঠত হোৱাৰ নজৰ নাই ।

কৰ্ণাটকত কোনে মাৰিব শেষ হাঁহি ?
পুনৰ সালসলনি চৰকাৰী কৰ্মচাৰীৰ: নীৰজ বাৰ্মাক এপিডিচিএলৰ অধ্যক্ষৰ দায়িত্ব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in