কোন হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ?

১৩৬ খন আসনেৰে কংগ্ৰেছে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিলে কৰ্ণাটকত । বিৰোধীক মুখথেকেচা দি দলটোৱে জয়ী হলেও পিছে বৰ্তমানেও দলটোৰ নেতৃত্বই ঠিৰাং কৰিব পৰা নাই কোন হ'ব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ।
কোন হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ?

ডিজিটেল ডেস্কঃ ১৩৬ খন আসনেৰে কংগ্ৰেছে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিলে কৰ্ণাটকত । বিৰোধীক মুখথেকেচা দি দলটোৱে জয়ী হলেও পিছে বৰ্তমানেও দলটোৰ নেতৃত্বই ঠিৰাং কৰিব পৰা নাই কোন হ'ব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী । শাসনভাৰ কাৰ হাতলৈ যাব সেইয়া নিশ্চিত নহলেও কিন্তু ১৮ মে'ত শপত গ্ৰহণ কৰিব ৰাজ্যখনৰ ২৪ সংখ্যক নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ৰাজ্যখনত মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হৈছে পূৰ্বে মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰা ছিদ্দাৰামায়া আৰু ৭ বাৰকৈ নিৰ্বাচনত জয়ী হোৱা ডি কে শিৱকুমাৰ । ইফালে নেতাকেইজনৰ সমৰ্থকসকলে নিজৰ সমৰ্থন জনোৱা নেতাগৰাকী মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাতো বিচাৰিছে যদিও তেনেসময়তে দুয়োগৰাকী প্ৰভাৱশালী নেতাই দিল্লীলৈ গৈ হাইকামাণ্ডকো সাক্ষাৎ কৰিছে ।

শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিলেও দুয়োজন নেতাই বিৰত আছে ইজনে আনজনৰ প্ৰতি বিৰূপ মন্তব্য কৰাৰ পৰা । এই সন্দৰ্ভত মঙলবাৰে ডি কে শিৱকুমাৰে কয় যে বৰ্তমানে মুখ্যমন্ত্ৰী পদৰ দাবীদাৰৰ পৰা তেওঁ এতিয়া পিছুৱাই দিব নোৱাৰে । কিন্তু নেতৃত্বই যি ক'ব সেইয়া তেওঁ মানি ল'ব । লগতে নেতাগৰাকীয়ে কয় যে যদিহে দলে বিচাৰে তেনেহ'লে মোক দায়িত্ব দিব পাৰে ।

দুয়োজনে আওপকীয়াকৈ মন্তব্য প্ৰদান কৰি থাকিলেও কিন্তু বিসম্বাদৰ যুঁজখন জলজট পটপটকৈ মুকলি হৈ পৰিছে । এই লৈ এতিয়া চিন্তিত হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব । কিয়নো বহুকেইখন ৰাজ্যত দলটোৰ মাজত চলা বিসম্বাদ ৰোধ কৰাত কংগ্ৰেছ নেতৃত্ব ব্য়ৰ্থ হোৱাৰ ফলত চলি থকা চৰকাৰ পৰ্যন্ত ভাঙি যোৱাৰ নজিৰ আছে ।

উদাহৰণস্বৰূপে মধ্যপ্ৰদেশত কংগ্ৰেছৰ চলি থকা চৰকাৰ ভাঙি শিৱৰাজ সিং চৌহানৰ বিজেপি চৰকাৰ হৈছিল । তদুপৰি অসমতো বিসম্বাদ কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ গমন কৰি মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰি আছে । অকল ইমানেই নহয় আৰু বহু ৰাজ্যত নেতৃত্বকলৈ হোৱা সংঘাটে ইতিমধ্যেই কংগ্ৰেছ দলটোক ভিতৰি দুৰ্বল কৰি তুলিছে ।

তেনে সময়ত দুগৰাকীকৈ প্ৰভাৱশালী নেতাই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ দাবী কৰিছে । এই লৈ চিন্তিত হৈ পৰিছে নেতৃত্ব । যদিহে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই পূৰ্বৰ ভুলৰ পৰা শিক্ষা লৈ সঠিক সিদ্ধান্ত লোৱাত ব্যৰ্থ হয় তেনেহলে ৰাজ্যখনত বিসম্বাদে উকমুকনি যে দিব সেয়া নিশ্চিত হৈ পৰিছে ।

কোন হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ?
মণিপুৰ কাণ্ডঃ অখণ্ডতাৰ সৈতে আপোচ নকৰে কেন্দ্ৰই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in