মণিপুৰ কাণ্ডঃ অখণ্ডতাৰ সৈতে আপোচ নকৰে কেন্দ্ৰই...

ভয়ংকৰ গোষ্ঠীগত সংঘৰ্ষই কঁপাই যোৱা মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যুদ্ধ বিৰতিৰ আওতাত থকা কুকি উগ্ৰপন্থী বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ চৰকাৰক আশ্বাস প্ৰদান কৰিছে

author-image
Asomiya Pratidin
New Update
অশান্ত মণিপুৰত সেনা-কুকি উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীত নিহত ৩

ডিজিটেল সংবাদ বেকাজানঃ ভয়ংকৰ গোষ্ঠীগত সংঘৰ্ষই কঁপাই যোৱা মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যুদ্ধ বিৰতিৰ আওতাত থকা কুকি উগ্ৰপন্থী বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ চৰকাৰক আশ্বাস প্ৰদান কৰিছে ।

Advertisment

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ ঐক্য আৰু অখণ্ডতাৰ সৈতে কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলি স্পষ্ট কৰি দিছে । অমিত শ্বাহে কয় যে, এছ অ' অ'ৰ অৰ্থাৎ যুদ্ধ বিৰতি নিয়ম উলংঘা কৰা কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ কেন্দ্ৰই নিৰ্দেশ দিছে ।

নিজৰ নিৰ্দিষ্ট শিবিৰৰ বাহিৰলৈ যোৱা বিদ্ৰোহীৰ উপস্থিতি, কেডাৰ আৰু অস্ত্ৰ-শস্ত্ৰৰ সত্যাসত্য নিৰূপণৰ বাবে শিবিৰ পৰীক্ষাও কৰা হৈছে । শিবিৰত উপস্থিত নথকা কেডাৰক মাহেকীয়া ষ্টাইপেণ্ড নিদিয়াৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই ।

ইয়াৰ উপৰিও যুদ্ধ বিৰতি গোটসমূহক নিয়ম উলংঘাৰ বিৰুদ্ধে সকীয়াই দিবলৈ যৌথ নিৰীক্ষণ গোটৰ বৈঠক নিয়মীয়াকৈ অনুষ্ঠিত হ’ব বুলিও সিদ্ধান্ত লোৱা হৈছে । তদুপৰি এছ অ’ অ’ৰ অধীনত থকা কেডাৰসকলক নিজৰ শিবিৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাবলৈও জনজাতীয় গোটক আহ্বান জনাইছে চৰকাৰে।

সোমবাৰে সচিবালয় কক্ষত অনুষ্ঠিত হোৱা এক সংবাদমেল এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে । মণিপুৰৰ শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত দেওবাৰে সন্ধিয়া দিল্লীত অমিত শ্বাহক তেওঁৰ ৪ গৰাকীৰ কেবিনেট সতীৰ্থৰ সৈতে সাক্ষাৎ কৰিছিল ।

সাক্ষাৎকাৰৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰত শীঘ্ৰে স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাত কেন্দ্ৰই গুৰুত্ব প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । তদুপৰি কেন্দ্রীয় গৃহ মন্ত্রণালয়ে মণিপুৰলৈ দূত প্রেৰণ কৰিব যাতে শান্তি-সম্প্রীতি পুনৰুদ্ধাৰৰ সুবিধা হয় ৷

তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সকলো স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনা আৰু সকলো সংঘাত সমাধানৰ বাবে বিভিন্ন পক্ষৰ সৈতেও শান্তি আলোচনা কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই । অমিত শ্বাহে জাতি আৰু সম্প্ৰদায় নিৰ্বিশেষে দিল্লীত সকলোকে সাক্ষাৎ কৰি আছে আৰু তেওঁ নিজৰ দূতকো ৰাজ্যলৈ পঠিয়াই সম্প্ৰদায়সমূহৰ মাজত সংযোগ স্থাপন কৰিছে । যাতে অতি সোনকালে মণিপুৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰে।

তদুপৰি গৃহমন্ত্ৰী শ্বাহে শেহতীয়া হিংসাত্মক ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলৰ সবিশেষ বিচাৰিছে আৰু তেওঁলোকক পুনৰ সংস্থাপনৰ আশ্বাস দিছে বুলিও সংবাদমেলত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তদুপৰি বৰ্তমানৰ পৰিস্থিতিত কোনো ধৰণৰ ৰেলী বা প্ৰতিবাদ সাব্য়স্ত নকৰিবলৈ সকলো জনতাক আহ্বান জনাইছে মণিপুৰ চৰকাৰে ।

ৰাজ্যৰ চিভিল ছ’চাইটি অৰ্গেনাইজেচনকো চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিবলৈ আৰু চৰকাৰক স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ কিছু সময় দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে। উল্লেখযোগ্য যে সোমবাৰে অনুষ্ঠিত হোৱা সংবাদমেলত ৰাজ্যিক কেবিনেট মন্ত্রী গোবিন্দাস কণ্টৌজাম, ড০ সপম ৰঞ্জন, থোংগম বিশ্বজিৎ, যুমনাম খেমচান্দ আৰু লামছাঙৰ বিধায়ক ছালাম ৰাজেনে অংশগ্রহণ কৰে৷

Also Read: গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত ৱাটছ এপৰ নতুন পদক্ষেপ...

latest update amnipur manipur incident