কোন হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী? হাই কামাণ্ডে নুমৱাব পাৰিবনে কংগ্ৰেছৰ অন্তৰ্কন্দলৰ জুই...

বিজেপিক হৰুৱাই এখন খেলত কংগ্ৰেছে জয়লাভ কৰিলেও আন এটা বিষয়ত জনতাৰ দৃষ্টি নিৱদ্ধ হৈ আছে। কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব বৰ্তমানৰ বাবে সেয়া এক ডাঙৰ প্ৰশ্ন।

author-image
Asomiya Pratidin
New Update
কোন হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী? হাই কামাণ্ডে নুমৱাব পাৰিবনে কংগ্ৰেছৰ অন্তৰ্কন্দলৰ জুই...

ডিজিটেল ডেস্কঃ কৰ্ণাটকত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে কংগ্ৰেছ। ইতিমধ্যে কংগ্ৰেছে চৰকাৰ গঠনৰ কথা নিশ্চিত হৈছে যদিও আনুষ্ঠানিক ঘোষণা বাকী আছে।

Advertisment

বিজেপিক হৰুৱাই এখন খেলত কংগ্ৰেছে জয়লাভ কৰিলেও আন এটা বিষয়ত জনতাৰ দৃষ্টি নিৱদ্ধ হৈ আছে। কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব বৰ্তমানৰ বাবে সেয়া এক ডাঙৰ প্ৰশ্ন।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ বাবে কংগ্ৰেছৰ দুই প্ৰাৰ্থীৰ মাজত থকা যুঁজখনৰ সমাপ্তি কি সেয়া লক্ষণীয় হ'ব। এয়া দলটোৰ বাবে এক প্ৰত্যাহ্বানো হৈ পৰিছে।

কৰ্ণাটকত মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ সকল হৈছে কংগ্ৰেছ নেতা চিদ্দাৰমিয়া আৰু ডি কে শিৱকুমাৰ। দুয়োজনে শক্তিশালী নেতা। প্ৰাক্তন মুখ্যমন্ত্ৰী চিদ্দাৰমিয়াই স্বীকাৰ কৰিছে যে শিৱকুমাৰো মুখ্যমন্ত্ৰী পদৰ দৌৰত আছে।

উল্লেখ্য যে, শিৱকুমাৰে চিদ্দাৰমিয়াৰ সম্ভাৱণা কমাবলৈ মুখ্যমন্ত্ৰী পদৰ বাবে কংগ্ৰেছৰ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গেক সমৰ্থন কৰিছিল।

চিদ্দাৰমিয়া কৰ্ণাটকৰ এজন বিশিষ্ট, জনপ্ৰিয় ৰাজনীতিবিদ। তেওঁ প্ৰায় ১.১৬ লাখ ভোট লাভ কৰিছে । যি সমষ্টিটোৰ ভোটৰ ৬০ শতাংশ। ২০০৮ চনৰ পৰাই তেওঁৰ এই জয়ৰ ধাৰা অব্যাহত আছে। কেইদিনমান পূৰ্বে তেওঁ কৈছিল যে দলৰ শীৰ্ষ নেতা সকলে মুখ্যমন্ত্ৰীৰ পদক লৈ যি সিদ্ধান্ত লয় সেয়া মানি ল'ব।

আনহাতে ৭ বাৰৰ বিধায়ক কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰে কনকপুৰা সমষ্টিৰ পৰা ১.২ লাখ ভোট লাভ কৰি জয়লাভ কৰিছে।যি সমষ্টিটোৰ মুঠ ভোটৰ ৭০ শতাংশতকৈ অধিক। অৱশ্যে দলটোত তেওঁৰ শত্ৰুও আছে। শিৱকুমাৰেও কৈছে যে বিধায়ক আৰু হাই কামাণ্ডেহে সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ। শিৱকুমাৰে দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী পদৰ বাবে অপেক্ষা কৰি আছে।

গতিকে পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব কোনে হাতত ল'ব কৰ্ণাটকৰ বাঘজৰী। অৱশ্যে ইয়াৰ পৰা দলত যে কিছু পৰিমাণে প্ৰভাৱ পৰিব সেয়া নিশ্চিত।

Also Read: ''বিজেপি-মুক্ত দক্ষিণ ভাৰত, এয়া প্ৰধানমন্ত্ৰীৰ পৰাজয়''

congress bjp karnataka