''বিজেপি-মুক্ত দক্ষিণ ভাৰত, এয়া প্ৰধানমন্ত্ৰীৰ পৰাজয়''

কৰ্ণাটকত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে কংগ্ৰেছ। আনহাতে বিজেপিয়ে এই বিধানসভা নিৰ্বাচনত ভাল প্ৰদৰ্শন দেখুৱাব নোৱাৰিলে।

author-image
Asomiya Pratidin
New Update
''বিজেপি-মুক্ত দক্ষিণ ভাৰত, এয়া প্ৰধানমন্ত্ৰীৰ  পৰাজয়''

ডিজিটেল ডেস্কঃ কৰ্ণাটকত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে কংগ্ৰেছ। আনহাতে বিজেপিয়ে এই বিধানসভা নিৰ্বাচনত ভাল প্ৰদৰ্শন দেখুৱাব নোৱাৰিলে।

Advertisment

'দক্ষিণৰ দ্বাৰ' বুলি কোৱা কৰ্ণাটকত বিজেপিৰ এই পৰাজয়ে দলটোক যে চিন্তিত কৰিছে সেয়া সঁচা কথা। দক্ষিণ ভাৰতৰ কৰ্ণাটকে এনে এখন ৰাজ্য আছিল য'ত বিজেপিয়ে শাসন চলাই আছিল। কিন্তু কংগ্ৰেছ পুনৰ শাসনলৈ অহাৰ লগে লগে বিজেপিৰ হাতৰ পৰা কৰ্ণাটকো গ'ল।

কৰ্ণাটকত কংগ্ৰেছৰ ফলাফলৰ মাজতে চট্টীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় যে বিজেপিয়ে কংগ্ৰেছ মুক্ত ভাৰত গঢ়াৰ কথা কৈছিল কিন্তু দলটো এতিয়া নিজেই দক্ষিণৰ অংশত নাই।

তেওঁ কয় যে, প্ৰথমে আমি হিমাচল প্ৰদেশ জিকিছিলো, আৰু এতিয়া কৰ্ণাটকত। বিজেপিয়ে 'কংগ্ৰেছ মুক্ত-ভাৰত'ৰ কথা কৈছিল কিন্তু এতিয়া দক্ষিণ ভাৰত এতিয়া 'বিজেপি-মুক্ত'। কৰ্ণাটকৰ ফলাফল তেওঁ প্ৰধানমন্ত্ৰীৰ পৰাজয় বুলি উল্লেখ কৰিছে।

তেওঁ লগতে কয় যে, কৰ্ণাটকত আমাৰ ফলাফল আশা অনুসৰি হৈছে। প্ৰধানমন্ত্ৰীয়ে নিজকে আগত ৰাখি ভোট বিচাৰিছিল। গতিকে এয়া মোডীৰ পৰাজয়।

উল্লেখ্য যে, ১০ মে'ত কৰ্ণাটকত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন। আজি হৈ আছে ভোটগননা। আবেলি প্ৰায় ৫ বজালৈকে কংগ্ৰেছে ১১৮ খন আসনত জয় লাভ কৰিছে আনহাতে বিজেপিয়ে বৰ্তমান পৰ্যন্ত জয়লাভ কৰা আসনৰ সংখ্যা ৫৫। অৱশ্যে আনুষ্ঠানিকতা এতিয়াও বাকী আছে।

Also Read: কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে কংগ্ৰেছঃ মোডী, শ্বাহৰ প্ৰচাৰে সহায় নকৰিলে বিজেপক...

congress bjp karnataka