/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/255885c1-b4dd-471c-aa1f-b1523052f2c4/AP_FOR_WEB_Violence.jpg)
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ঘটনাস্থলীত অগ্নিসংযোগ জনতাৰ। তাৰ পাছতেই উক্ত স্থানত জাৰি কৰা হয় ১৪৪ ধাৰা। এই ঘটনা মণিপুৰৰ। বৃহস্পতিবাৰে মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ নিউ লামকাত পিটি স্পৰ্টচ কমপ্লেক্সত নিৰ্মাণ কৰা এটা জিমত অগ্নিসংযোগ কৰে একাংশই।
শুকুৰবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই জিমটো উদ্বোধন কৰাৰ কথা আছিল। ইয়াৰ পাছতেই চুৰাচান্দপুৰ জিলাত ইন্টাৰনেট সেৱা কৰ্তন কৰা হয় লগতে ১৪৪ ধাৰা জাৰি কৰে প্ৰশাসনে।
বৃহস্পতিবাৰে নিশা প্ৰায় ৯ মান বজাত সংঘটিত হয় এই ঘটনা। ইয়াৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
উল্লেখ্য যে, খিলঞ্জীয়া জনজাতীয় নেতাৰ মঞ্চই পুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈ জিলাখন বন্ধ ৰখাৰ ঘোষণা কৰাৰ পাছতেই এই ঘটনা সংঘটিত হয়। তেওঁলোক অভিযোগ উত্থাপন কৰে যে কৃষক আৰু অন্যান্য জনজাতীয় লোকসকলে বাস কৰা সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি চৰকাৰক বাৰে বাৰে তেওঁলোকে স্মাৰকপত্ৰ দাখিল কৰিছিল। কিন্তু চৰকাৰে কোনো ধৰণৰ সঁহাৰি দিয়া নাছিল।
যাৰ বাবে তেওঁলোকে বন্ধ ঘোষণা কৰিছিল। ইয়াৰোপৰি চৰকাৰে গীৰ্জা ভাঙি পেলোৱা বুলিও অভিযোগ উত্থাপন কৰিছিল তেওঁলোকে।
Also Read: মৰ্মান্তিক! বিজুলী-ঢেৰেকণি কাল হৈ আহিল বহুজনৰ বাবে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us