কোন আছিল আতিক আহমেদ?

স্বাস্থ্য পৰিক্ষাৰ বাবে লৈ যোৱা দুজন অভিযুক্ত আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক আৰক্ষী তথা সংবাদ মাধ্যমৰ উপস্থিতিত সংবাদ কৰ্মীৰ বেশত অহা তিনি জন আততায়ীয়ে গুলিয়াই হত্যা কৰে দুয়োকে
আতিক আহমেদ
আতিক আহমেদ

ডিজিটেল ডেস্কঃ স্বাস্থ্য পৰিক্ষাৰ বাবে লৈ যোৱা দুজন অভিযুক্ত আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক আৰক্ষী তথা সংবাদ মাধ্যমৰ উপস্থিতিত সংবাদ কৰ্মীৰ বেশত অহা তিনি জন আততায়ীয়ে গুলিয়াই হত্যা কৰে দুয়োকে ।

১৫ এপ্ৰিলৰ নিশা সংবাদ সংঘটিত হোৱা এই ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল সংবাদকৰ্মীৰ কেমেৰাত । পিছে এনেদৰে আততীয়ীয়ে হত্যা কৰা কোন এই আতিক আহমেদ?

আটিক আহমেদ হৈছে এজন কুখ্যাত ভাৰতীয় অপৰাধী, লগতে ৰাজনীতিবিদ, সমাজবাদী পাৰ্টিৰ ভাৰতীয় সংসদ, উত্তৰ প্ৰদেশ বিধান সভাৰ প্ৰাক্তন সদস্য । এইজন গেংষ্টাৰৰ বিৰুদ্ধে বিভিন্ন থানাত ৰুজু হৈ আছে বহু কেইটা অপৰাধমূলক গোচৰ ।

এফ আই আৰ অনুসৰি আতিক আহমেদৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ আৰক্ষীৰ ওচৰত আছে বহুকেইটা গোচৰ । আৰক্ষীৰ ওচৰত থকা তথ্য অনুসৰি ১৯৭৯ চনতে গেংষ্টাৰ আতিক আহমেদৰ অপৰাধৰ যাত্ৰাৰ আৰম্ভণি হৈছিল ।

আতিকৰ লগতে তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে আছে ১৬০ টাতকৈও অধিক গোচৰ । আতিকৰ বিৰুদ্ধেই আছে এশটাতকৈও অধিক গোচৰ । লগতে আছে আতিকৰ পত্নী শেইষ্ঠা পাৰবীন, ভাতৃ আশ্ৰফ আহমেদৰ উপৰিও তিনি পুত্ৰ আসাদ, আলি ওমৰৰ বিৰুদ্ধেও আছে বহুকেইটা গোচৰ ।

বিএছপিবিধায়ক ৰাজু পালৰ হত্যাৰ গোচৰতো দুয়ো ভাতৃ অভিযুক্ত । উল্লেখ্য যে পালে ২০০৪ চনৰ উত্তৰ প্ৰদেশৰ বিদানসভা নিৰ্বাচনত আতিকৰ ভাতৃ আশ্ৰাফক পৰাজিত কৰিছিল । ২০১৯ চনৰ পৰা কাৰাগাৰত আছিল আতিক । আহমেদে বহুবাৰ কাৰাগাৰৰ পৰাই নিৰ্বাচন প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ।

তেওঁ ২০০৪ৰ পৰা ২০০৯ চনলৈ উত্তৰ প্ৰদেশৰ ফুলপুৰৰ চতুৰ্দশ লোকসভাৰ সদস্য আছিল । ১৯৯৯ৰ পৰা ২০০৩ চনলৈ তেওঁ আপনা দলৰ সভাপতি আছিল । আতিকৰ বিৰুদ্ধে শতকৈও এধিক গোচৰ থকাৰ পিছতা ২০১৪ চনৰ নিৰ্বাচনৰ শপতনামাা দাখিলৰ সময়ত উল্লেখ কৰিছিল যে তেওঁৰ বিৰুদ্ধে কোনোধৰণৰ অপৰাধমূলক গোচৰ নাই ।

২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত ৰাজনীতিবিদগৰাকীক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ দিয়া হৈছিল । আৰু তেওঁ আপনা দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢাইছিল যদিও নিৰ্বাচনত পৰাজয় বৰণ কৰিছিল । পুনৰ উত্তৰ প্ৰদেশ নিৰ্বাচন ২০১২ চনত আহমেদে এলাহাবাদ (পশ্চিম) সমষ্টিৰ পৰা আপনা দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ।

আতিক আহমেদ
আৰক্ষীৰ সন্মুখতেই আততায়ীয়ে হত্যা কৰিলে কুখ্যাত গেংষ্টাৰ আতিক আহমেদক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in