ভাৰত এৰি যাবগৈ হোৱাটছএপ ! দিল্লী উচ্চ ন্যায়ালয়ক জনালে কৰ্তৃপক্ষই...

ভাৰত চৰকাৰৰ নতুন তথ্য প্ৰযুক্তি আইনে সৃষ্টি কৰিছে জটিলতা
ভাৰত এৰি যাবগৈ হোৱাটছএপ ! দিল্লী উচ্চ ন্যায়ালয়ক জনালে কৰ্তৃপক্ষই...
ভাৰত এৰি যাবগৈ হোৱাটছএপ ! দিল্লী উচ্চ ন্যায়ালয়ক জনালে কৰ্তৃপক্ষই...

ডিজিটেল ডেস্কঃ দেশৰ কোটি কোটি হোৱাটছএপ ব্যৱহাৰকাৰীলৈ বেয়া খবৰ। ভাৰতত উপলব্ধ নহ’ব হোৱাটছএপ! ভাৰত এৰি যাবগৈ মেটাৰ অধীনস্থ হোৱাটছএপে। দিল্লী উচ্চ ন্যায়ালয়ক এই বিষয়ে জনাই দিছে মেটাৰ আইনী দিশৰ সৈতে জড়িত সংশ্লিষ্ট বিষয়াই। হোৱাটছএপে ভাৰত এৰি যোৱাৰ ইচ্ছা কৰাৰ আঁৰত আছে ইয়াক ব্যৱহাৰ কৰা কোটি কোটি ব্যৱহাৰকাৰীৰ গোপনীয়তা সংক্ৰান্তিয় কাৰণ।

উল্লেখ্য যে, ২০২১ চনত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা তথ্যপ্ৰযুক্তি নিয়মৰ গোচৰত নিজৰ অৱস্থান স্পষ্ট কৰিছে হোৱাটছএপে। তেওঁলোকে ন্যায়ালয়ত জনাইছে, ব্যৱহাৰকাৰীৰ গোপনীয়তাৰ নিশ্চয়তাৰ কাৰণেই হোৱাটছএপ ব্যৱহাৰ কৰে মানুহে। সেয়ে সেই গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰে তেওঁলোকে।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ইনফ'ৰ্মেচন টেকনলজি ৰুল, ২০২১ ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। তাত কোৱা হৈছিল টুইটাৰ (বৰ্তমানৰ এক্স), ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ আদি সামাজিক মাধ্যমসমূহে নতুন নিয়ম মানি চলিব লাগিব। প্ৰয়োজনত চ্যাট অনুসৰণ কৰি কোনো ভাইৰেল তথ্যৰ উৎসও সন্ধান কৰিব লাগিব।

হোৱাটছএপত end to end encryption পৰিসেৱাৰ ব্যৱস্থা আছে। এই পৰিসেৱাৰ বাবেই যিকোনো এজন ব্যক্তিৰ চ্যাট সংশ্লিষ্ট ব্যৱহাৰকাৰীৰ মাজতেই সীমাবদ্ধ থাকে। তৃতীয় পক্ষই সেই চ্যাটৰ তথ্য লাভ নকৰে।

আনকি হোৱাটছএপৰ মূল সংস্থা মেটাও সেই চ্যাট পঢ়িব নোৱাৰে। কিন্তু ভাৰত চৰকাৰৰ নতুন নিয়মে প্ৰয়োজনত হোৱাটছএপৰ এই গোপনীয়তা ভাঙিবলৈ কোৱা হৈছে। কিন্তু হোৱাটছএপে এই নিয়ম ভংগ কৰিবলৈ অস্বীকাৰ কৰিছে।

দিল্লী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা এক শুনানিত উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ মনমোহন আৰু ন্যায়াধীশ মনপ্ৰীত প্ৰীতম সিং আৰোৰাৰ বিচাৰপীঠক হোৱাটছএপ কৰ্তৃপক্ষই জনাইছে তেওঁলোকে যি পদ্ধতিত গোপনীয়তা ৰক্ষা কৰে সেই পদ্ধতি ভংগ কৰা সম্ভৱ নহয়। তেওঁলোকে কয়, তেনে কৰিলে মেচেজৰ এক দীঘলীয়া তালিকা দীঘলীয়া সময়ৰ বাবে ৰাখিব লাগিব। কাৰণ কেতিয়াবা কোনোবা মেচেজৰ তথ্য জনাৰ প্ৰয়োজনীয়তা আহি পৰিলে সেই তালিকাৰ পৰা তথ্যৰ সন্ধান কৰিব লাগিব। এনে কৰিবলগীয়া হলে লাখ লাখ মেচেজ বছৰ বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিব লাগিব। যি অসম্ভৱ।

যদি কেন্দ্ৰৰ নতুন তথ্য প্ৰযুক্তি নিয়ম মানিবলৈ হোৱাটছএপক বাধ্য কৰিবলৈ চেষ্টা কৰা হয় তেন্তে প্ৰয়জোনত এই প্ৰতিষ্ঠানটোৱে ভাৰত এৰি যাবলৈও সাজু হৈছে। তথাপিও তেওঁলোকে এই নিয়ম মানিবলৈ সাজু নহয়।

উল্লেখ্য, পৃথিৱীৰ আন কোনো দেশতে হোৱাটছএপক লৈ এনে নিয়ম কাৰ্যকৰী হোৱা নাই। ইফালে কেন্দ্ৰীয় চৰকাৰে ন্যায়ালয়ৰ আগত জনাইছে বহু সময়ত হোৱাটছএপৰ মাধ্যমেৰে আপত্তিকৰ বাৰ্তা প্ৰেৰণ কৰা হয়। যি জনমানসৰ বাবে ক্ষতিকাৰক। আনকি এই ধৰণৰ আপত্তিজনক বাৰ্তাই কেতিয়া কেতিয়াবা সাম্প্ৰদায়িক অশান্তিৰো সৃষ্টি কৰে। সেয়ে ২০২১ চনত কেন্দ্ৰীয় চৰকাৰে এই নতুন নিয়ম কাৰ্যকৰী কৰিছিল।

ইফালে গোচৰটোৰ সন্দৰ্ভত ন্যায়ালয়ে কয়, সাধাৰণ মানুহৰ গোপনীয়তাৰ অধিকাৰ আছে। কিন্তু সেয়া কেতিয়াও নিৰংকুশ নহয়। দুয়োৰে মাজত ভাৰাসাম্য ৰখাৰ প্ৰয়োজন। সেয়ে গোটেই বিষয়টোৰ সন্দৰ্ভত আকৌ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে। গোচৰটোৰ পৰৱৰ্তী শুনানি নিৰ্ধাৰণ কৰা হৈছে ১৪ আগষ্ট।

স্মৰ্তব্য, ২০২১ চনৰ কেন্দ্ৰৰ নতুন তথ্য প্ৰযুক্তি আইনক প্ৰত্যাহ্বান জনাই দেশৰ উচ্চতম ন্যায়ালয়তো কেইবাটাও গোচৰ দাখিল হৈ আছে। এই আটাইবোৰ গোচৰ উচ্চতম ন্যায়ালয়ৰ পৰা দিল্লী উচ্চ ন্যায়ালয়লৈ স্থানান্তৰিত কৰা হৈছে। ১৪ আগষ্টত এই আটাইবোৰ গোচৰৰে শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে।

ভাৰত এৰি যাবগৈ হোৱাটছএপ ! দিল্লী উচ্চ ন্যায়ালয়ক জনালে কৰ্তৃপক্ষই...
৩মিনিটত নিৰ্বাচনৰ ১০টা বিশেষ খবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in