৩মিনিটত নিৰ্বাচনৰ ১০টা বিশেষ খবৰ...

৩মিনিটত নিৰ্বাচনৰ ১০টা বিশেষ খবৰ...

১. হাইলাকান্দি কাটলিচেৰাৰ এটা ভোটকেন্দ্ৰত অঘটন। পোলিং এজেন্ট ফাৰুক আহমেদৰ মৃত্যু। উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু পোলিং এজেন্টগৰাকীৰ।

২. ভোটকেন্দ্ৰত ঢলি পৰি মৃত্যু ভোটদান কৰি নগাঁৱৰ প্ৰাক্তন সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই বিস্ফোৰণ। পুৰণি নেতা-কৰ্মীক অৱজ্ঞা কৰাৰ ফল নিৰ্বাচনী ফলাফলত দলে লাভ কৰিব বুলি ক্ষোভ উজাৰে গোহাঁয়ে।

৩. পুৱা ১১বজালৈকে নগাঁও লোকসভা সমষ্টিত ভোটদানৰ হাৰ ২৩.৪১শতাংশ। দৰং-ওদালগুৰিত ভোটদানৰ হাৰ ১৯শতাংশ, শিলচৰত ২০.১১শতাংশ,কৰিমগঞ্জত ২২.২৫শতাংশ আৰু ডিফুত ভোটদানৰ হাৰ ২৪.১৯শতাংশ।

৪. নগাঁৱৰ উৰিয়াগাঁও বালিকা মজলীয়া বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই ৷ ভোটাধিকাৰ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া কৰি সুৰেশ বৰাই ৰাইজৰ মৰম আৰু আশীষেৰে বিজয় নিশ্চিত বুলি দাবী কৰে।

৫. পুৱাৰে পৰা মণিপুৰৰ এটা সমষ্টিত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কেইবাটাও অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল যদিও দ্বিতীয় পৰ্যায়ত বৰ্তমানলৈ কোনো এনে ঘটনা সংঘটিত হোৱা নাই।

৬. ই ভি এমক উচ্চতম ন্যায়ালয়ৰ ক্লীনশ্বীট। বেলট পেপাৰত ভোটগ্ৰহণ কৰিব লাগে বুলি কৰা আবেদন খাৰিজ কৰি ই ভি এমতে ভোটদান প্ৰক্ৰিয়া নিকা আৰু সুৰক্ষিত বুলি ৰায় প্ৰদান উচ্চতম  ন্যায়ালয়ৰ।

৭. পত্নী আৰু পুত্ৰৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰকিবুল হুছেইনে।  নগাঁৱত কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি দাবী কৰি ৰকিবুল হুচেইনে এইবাৰ অসমত কংগ্ৰেছৰ ৰিজাল্ট ভাল হব বুলি মত প্ৰকাশ কৰে।

৮.  ৫লাখ ভোটত হাৰিব লুৰীণজ্যোতি গগৈ। এইবাৰ প্ৰতিটো গলতে বল হব। ভোটদান সাব্যস্ত কৰি এই মন্তব্য প্ৰকাশ কৰিলে বিজেপিৰ ৰাজ্যিক সভাপিত ভৱেশ কলিতাই।

৯.  পুৱাভাগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, অভিনেতা প্ৰকাশ ৰাজ, বিজেপিৰ প্ৰাৰ্থী ৰাম খ্যাত অৰুণ গোভিল আৰু হেমামালিনীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ।

১০.  ওদালগুৰিত BJP, UPPL, AGPৰ যৌথ সংবাদমেল। প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ বিৰুদ্ধে অভিযোগ। নিৰ্বাচন আয়োগৰ নীতি উলংঘাৰ অভিযোগ। বিজেপি প্ৰাৰ্থী দিলীপ শ‌ইকীয়াৰ বিৰুদ্ধে ব্যক্তিগত কথাৰে আক্ৰমণৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in