শাৰদ পাৱাৰৰ পদত্যাগ সন্দৰ্ভত কি ক’লে উদ্ধৱ ঠাকৰে?

প্ৰবীণ ৰাজনীতিবিদ শাৰদ পাৱাৰে এন চি পিৰ সভাপতি পদ ত্যাগ কৰাক লৈ তীব্ৰ চাৰ্চা অব্যাহত আছে ৰাজনৈতিক মহলত । এই সন্দৰ্ভত বিভিন্ন জনে বিভিন্ন মত প্ৰকাশ কৰিছে
শাৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰে
শাৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰে

ডিজিটেল ডেস্কঃ প্ৰবীণ ৰাজনীতিবিদ শাৰদ পাৱাৰে এন চি পিৰ সভাপতি পদ ত্যাগ কৰাক লৈ তীব্ৰ চাৰ্চা অব্যাহত আছে ৰাজনৈতিক মহলত । এই সন্দৰ্ভত বিভিন্ন জনে বিভিন্ন মত প্ৰকাশ কৰিছে ।

এন চি পিৰ মূৰব্বীজনে সভাপতিৰ আসন এৰাকলৈ মন্তব্য প্ৰদান কৰিছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ।

বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পাৱাৰে এন চি পিৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্তই মহা বিকাশ আঘাদী (এমভিএ)ৰ ঐক্যত কোনোধৰণৰ প্ৰভাৱ নপৰে ।

লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী থাকৰে কয় যে মই শাৰদ পাৱাৰৰ পদত্যাগ সন্দৰ্ভত কোনোধৰণৰ মন্তব্য দিব নোখোজো ।

লগতে শাৰদ পাৱাৰে তেওঁৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মহাৰাষ্ট্ৰৰ মানুহে ভালদৰে জানে মই কি কাম কৰিছো ।

লগতে তেওঁ কয় যে ৰাজ্যখনৰ জনতাই মোক তেওঁলোকৰ নিজৰ পৰিয়ালৰ সদস্য বুলি গণ্য কৰে বুলি মত প্ৰকাশ কৰে ।

তদুপৰি উদ্ধৱ থাকৰে কয় যে, প্ৰতিজন লোকৰ আত্মজীৱনী লিখাৰ অধিকাৰ আছে । লগতে সংবাদ মাধ্যমৰ আগত কয় যে এন চি পিৰ পঞ্চম সংখ্যক বৈঠকৰ বাবে অপেক্ষা কৰক বুলিও মন্তব্য কৰে ।

মঙলবাৰে শাৰদ পাৱাৰে এনচিপিৰ পৰা পদত্যাগ কৰিছে । উল্লেখ্য যে শিৱসেনা, এনচিপি আৰু কংগ্ৰেছ এমভিএত অন্তৰ্ভুক্ত । এই মিত্ৰজোঁটৰ নেতৃত্বৰ চৰকাৰে ২০১৯ চনৰ নৱেম্বৰৰ পৰা ২০২২ চনৰ জুনলৈ মহাৰাষ্ট্ৰ শাসন কৰিছিল ।

শাৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰে
NCP ৰ অধ্যক্ষ হ'ব কোন? কোনে দেখিছে সেই দিবাস্বপ্ন....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in