NCP ৰ অধ্যক্ষ হ'ব কোন? কোনে দেখিছে সেই দিবাস্বপ্ন....

NCP ৰ অধ্যক্ষ হ'ব কোন? কোনে দেখিছে সেই দিবাস্বপ্ন....

author-image
Asomiya Pratidin
New Update
NCP ৰ অধ্যক্ষ হ'ব কোন? কোনে দেখিছে সেই দিবাস্বপ্ন....

NCP ৰ অধ্যক্ষ হ'ব কোন? কোনে দেখিছে সেই দিবাস্বপ্ন....

ডিজিটেল ডেস্কঃ শাৰদ পাৱাৰৰ পদত্যাগে এতিয়াও দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে। সমান্তৰালকৈ এন চি পিৰ সমৰ্থকসকলেও শাৰদ পাৱাৰৰ পতদ্যাগৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই আছে। একেই দাবী দলৰ আন নেতাসকলৰো।

Advertisment

ইয়াৰ মাজতে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে শাৰদ পাৱাৰে কিহৰ বাবে এই পতদ্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই বিষয়ে জানিবলৈ সুপ্ৰিয়া চুলেলৈ টেলিফোন কৰিছে। ৰাহুল গান্ধী আৰু এম কে ষ্টেলিনে শাৰদ পাৱাৰৰ পদত্যাগৰ সিদ্ধান্তক প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে।

মঙ্গলবাৰে হঠাৎ এন চি পিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰি সক্ৰিয় ৰাজনীতি ত্যাগ কৰাৰ কথা ঘোষণা কৰা শাৰদ পাৱাৰৰ এই সিদ্ধান্তত আচৰিত হৈ পৰিছে বিৰোধী দেশৰ ৰাজনৈতিক দলৰ নেতা। সেয়ে ৰাহুল গান্ধী আৰু এম কে ষ্টেলিনে পাৱাৰৰ কন্যা তথা সাংসদ সুপ্ৰিয়া চুলেক ফোন কৰি এই বিষয়ে সবিশেষ জানিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ লগতে তেওঁৰ পিতৃৰ এই সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ কৈছে।

দুয়ো নেতাৰ মতে শাৰদ পাৱাৰে তেওঁৰ এই সিদ্ধান্তক পুনৰ এবাৰ বিবেচনা কৰিব লাগে। ৮২ বছৰীয়া শাৰদ পাৱাৰৰ এনেধৰণৰ পদত্যাগ বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহে সাধাৰণ ভাৱে ল’ব পৰা নাই। তেওঁলোকে বিচাৰিছে ২০২৪ ৰ লোকসভা নিৰ্বাচনলৈকে শাৰদ পাৱাৰে এন চি পিৰ সভাপতিৰ পদত থাকক।

শাৰদ পাৱাৰেও বুধবাৰে এই বিষয়ত মুখ খুলিছে আৰু কৈছে, তেওঁৰ এই পদত্যাগৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে বহু হেঁচা আহিছে। তাৰ মাজতে আকৌ অজিত পাৱাৰে কৈছে শাৰদ পাৱাৰে লোৱা এই সিদ্ধান্ত প্ৰত্যাহাৰ নহয়।

অৱশ্যে অজিত পাৱাৰৰ এই মন্তব্যৰ বিপৰীতে দলটোৰ আন কেইবাজনো বিষয়ববীয়াই শাৰদ পাৱাৰৰ পদত্যাগৰ সিদ্ধান্তৰ বিৰোধিতা কৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। এনে চৰ্চা আৰু ঘটনা প্ৰবাহৰ মাজতে বুধবাৰে মুম্বাইত এন চি পিৰ ১৫ জনীয়া সদস্যৰ কমিটীৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়।

এই বৈঠকত দলটোৰ নতুন অধ্যক্ষক লৈ আলোচনা হয়। জানিব পৰা মতে এন চি পিৰ নতুন অধ্যক্ষৰ দৌৰত আছে মূলতঃ তিনি নেতা। অজিত পাৱাৰ, সুপ্ৰিয়া চুলে আৰু প্ৰফুল্ল পেটেল।

অৱশ্যে প্ৰফুল্লে পেটেলে স্পষ্ট কৰি দিছে তেওঁ দলটোৰ অধ্যক্ষ পদৰ বাবে এতিয়াও সাজু নহয়। তেওঁৰ মতে দলটোৱে ইতিমধ্যে তেওঁক বহু গুৰুত্বপূৰ্ণ দায়িত্ব দিছে। সেয়ে তেওঁ অধ্যক্ষৰ দৰে দিবা স্বপ্ন নেদেখে।

অজিত পাৱাৰে এন চি পিৰ অধ্যক্ষ হোৱাৰ স্বপ্নত বিভোৰ হৈ আছে যদিও তেওঁৰ প্ৰতি আস্থা নাই দলটোৰ গৰিষ্ঠ সংখ্যক নেতা, কৰ্মীৰে। অৱশ্যে তেওঁৰ লগত আছে কেইজনমান বিধায়কৰ সমৰ্থন।

Also Read: ৰাজ্যত অভিযান্ত্ৰিক মহাবিদ্যালয়, পলিটেকনিকৰ সহকাৰী অধ্যাপক, প্ৰৱক্তা নিযুক্তি পৰীক্ষাত ব্যাপক অনিয়ম

শাৰদ পাৱাৰ এন চি পি