নিৰ্মীয়মান অৱস্থাতেই ফাটঃ কোটিটকীয়া চিকিৎসালয় ভৱন নিৰ্মাণত দুৰ্নীতি...

নিৰ্মীয়মান অৱস্থাতেই ফাটঃ কোটিটকীয়া চিকিৎসালয় ভৱন নিৰ্মাণত দুৰ্নীতি...

ডিজিটেল সংবাদ, জোনাইঃ ধেমাজি জিলা সীমান্তৱৰ্তী জোনাই মহকুমাৰ লক্ষী নেপালী বস্তিত মহকুমা অসামৰিক চিকিৎসালয়ৰ কোটিটকীয়া ভৱন নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে। জোনাই মহকুমাৰ লক্ষী নেপালী বস্তিত অৱস্থিত ৩০খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়খন ১০০খন বিছনাযুক্ত মহকুমা অসামৰিক চিকিৎসালয়লৈ উন্নীতকৰণৰ বাবে কেইবা কোটি টকা ব্যয়েৰে নতুন ভৱন নিৰ্মাণ কৰা হৈছে।

২০১৮ চনৰ ১১ জুনত তদানীন্তন স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জোনাইত উপস্থিত হৈ উক্ত কোটিটকীয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে। কিন্তু অতি পৰিতাপৰ বিষয় যে, অসাধু তথা মুনাফা লোভী ঠিকাদাৰে বিভাগীয় অভিযন্তাৰ সৈতে গোপন বুজাবুজিৰে প্ৰায় ২২ কোটিটকীয়া মহকুমা চিকিৎসালয় ভৱনৰ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে।

জানিব পৰা মতে, প্ৰদীপ ৰতী নামৰ ঠিকাদাৰজনে নিৰ্মাণ কৰা কোটিটকীয়া চিকিৎসালয় ভৱনটো নিম্নমানেৰে নিৰ্মাণ কৰাৰ ফলত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ আগতেই বহু ঠাইত বৃহৎ বৃহৎ ফাট মেলা দেখা গৈছে। যাৰ বাবে শংকিত হৈ পৰিছে জোনাইবাসী। ব্যাপক দুৰ্নীতিৰে নিৰ্মাণ কৰা চিকিৎসাখনৰ ফাট মেলা দেখি কৃষক মুক্তি সংগ্ৰাম সমিতি, কংগ্ৰেছ দলৰ লগতে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰিছে।

ইপিনে উক্ত কেইবা কোটিটকীয়া মহকুমা অসামৰিক চিকিৎসালয় ভৱনটো বিগত পাঁচ বছৰে ঠিকাদাৰে নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱৰাৰ অন্তৰালত অসাধু ঠিকাদাৰৰ গাফিলতি থকা বুলি ৰাইজে ক্ষোভ প্ৰকাশৰ কৰিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ-সভাপতি চেইফ পাৱই দুৰ্নীতিৰ বিৰুদ্ধে যিসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শূন্য সহনশীলতাৰ কথা কৈছে, যিসময়ত বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়ক, সাংসদকে আদি কৰি নেতা-কৰ্মীসকলে ৰাইজৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ বিগত দিনবোৰত কৰা উন্নয়নৰ কথা ৰাইজক বুজাইছে, সেই সময়তে জোনাই মহকুমা অসামৰিক চিকিৎসালয়খন নিৰ্মীয়মান অৱস্থাতে বহু ঠাইত ফাট মেলাত তীব্ৰ গৰিহণা দিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা পাৱই বিজেপি চৰকাৰক এয়াই নেকি আপোনালোকে কৈ থকা উন্নয়নৰ নমুনা বুলি প্ৰশ্ন কৰে। তদুপৰি তেওঁ কেৱল ঠিকাদাৰৰ স্বাৰ্থত বিজেপি চৰকাৰে ৰাইজৰ টকাবোৰ অপব্যয় কৰিছে নেকি বুলিও প্ৰশ্ন কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অতি শীঘ্ৰে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ লাইচেন্স বাতিল কৰি ঠিকাদাৰৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। অন্যৰ্থা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰতৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলিও সকীয়াই দিয়ে।

ইপিনে জোনাই অসামৰিক চিকিৎসালয় ভৱনটো নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত দুৰ্নীতিৰ ওপৰত উচিত তদন্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কংগ্ৰেছ নেতা সঞ্জয় পেগুৱেও দাবী জনাইছে। কংগ্ৰেছ নেতা সঞ্জয় পেগুৱে এক বিবৃতিযোগে কয় যে, জোনাই মহকুমা অসামৰিক চিকিৎসালয়খন নিৰ্মীয়মান অৱস্থাতে ৱাল, ভীম আদিত বৃহৎ ফাট মেলা ঘটনাই অসাধু ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি কোটিটকীয়া ভৱনটো নিৰ্মাণ কৰাকে প্ৰতিপন্ন কৰিছে। সেয়েহে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগতে মুখ্যমন্ত্ৰী, স্থানীয় সাংসদ আৰু বিধায়ক ভূৱন পেগুক উচিত তদন্ত কৰি ঠিকাদাৰৰ ওপৰত বিহীত ব্যৱস্থা ল'বলৈ দাবী জনায়।

তদুপৰি সঞ্জয় পেগুৱে জোনাই মহকুমাত পৰ্যাপ্ত সংখ্যক চিকিৎসক নথকাৰ বাবে ৰোগী ৰাইজে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰি শীঘ্ৰে মহকুমা অসামৰিক চিকিৎসালয়খন নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে।

নিৰ্মীয়মান অৱস্থাতেই ফাটঃ কোটিটকীয়া চিকিৎসালয় ভৱন নিৰ্মাণত দুৰ্নীতি...
শাস্তি পাব ব্ৰীজ ভূষণ চৰণ সিঙে! দিল্লী আৰক্ষীৰ আশাব্যঞ্জক ভাষ্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in