অসুস্থ পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য

অসুস্থ পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য। অসুস্থতাৰ বাবে শনিবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ভট্টাচাৰ্যক

author-image
Asomiya Pratidin
New Update
অসুস্থ পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য

ডিজিটেল ডেস্কঃ অসুস্থ পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য। অসুস্থতাৰ বাবে শনিবাৰে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । খবৰ অনুসৰি অক্সিজেনৰ স্তৰ ৭০-ৰ তললৈ হ্ৰাস পোৱাৰ লগতে ভট্টাচাৰ্যৰ পটাছিয়ামৰ স্তৰও হ্ৰাস পায়। পুৱা ১১ বজাৰ পৰা অসুস্থ হৈ পৰা বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনক দক্ষিণ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে, চিকিৎসাকৰ ভাষ্য অনুসৰি বৰ্তমান বুদ্ধদেব ভট্টাচাৰ্যৰ অৱস্থা স্থিৰ।

Advertisment

উল্লেখ্য ভট্টাচাৰ্যৰ চিকিৎসাৰ বাবে বিভিন্ন বিভাগৰ চিকিৎসকক লৈ এটা ৮জনীয়া চিকিৎসকৰ দল গঠন কৰা হৈছে, য'ত ডাঃ কৌশিক চক্ৰৱৰ্তী, ধ্ৰুবা ভট্টাচাৰ্য, সৌটিক পাণ্ডা, সুস্মিতা দেবনাথ, আশীষ পাত্ৰ, অংকন বেনাৰ্জী, সপ্তৰ্শী বসু আৰু সৰোজ মণ্ডল সন্নিৱিষ্ট আছে বুলি জানিবলৈ দিয়ে। আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অসুস্থতাৰ খবৰ পাই ৰাজ্যখনৰ ৰাজ্যপাল চিভি আনন্দ বসু তেওঁৰ খবৰ ল'বলৈ চিকিৎসালয়ত উপস্থিত হয়। ৰাজ্যপালগৰকীয়ে শনিবাৰে সংস্কৃত মহাবিদ্যালয়ৰ বিশেষ অনুষ্ঠানত উপস্থিত থকাৰ মাজতে এই খবৰ পাই পোনপটীয়াকৈ চিকিৎসালয়লৈ যায় বুলি জানিবলৈ দিয়ে।

চিকিৎসালয়ত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লৈ ৰাজ্যপালগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰে। আনহাতে ৰাজ্যবিধানসভাৰ বিৰোধী দলপতি সুভেন্দু অধিকাৰীয়েও টুইট যোগে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে। টিএমচিৰ মুখপাত্ৰ কুনাল ঘোষেও টুইট কৰি সু-স্বাস্থ্যৰ কামনা কৰে।

Also Read: খাদ্য আৰু যোগান বিভাগত বদলিৰ বেহাঃ ২৩ বছৰে লৰচৰ হোৱা নাই পৰিদৰ্শকৰ চকী

west bengal