খাদ্য আৰু যোগান বিভাগত বদলিৰ বেহাঃ ২৩ বছৰে লৰচৰ হোৱা নাই পৰিদৰ্শকৰ চকী

খাদ্য আৰু যোগান বিভাগত বদলিৰ বেহাঃ ২৩ বছৰে লৰচৰ হোৱা নাই পৰিদৰ্শকৰ চকী

author-image
Asomiya Pratidin
New Update
খাদ্য আৰু যোগান বিভাগত বদলিৰ বেহাঃ ২৩ বছৰে লৰচৰ হোৱা নাই পৰিদৰ্শকৰ চকী

ডিজিটেল ডেস্কঃ ৰাজ্যৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত শেহতীয়া ভাবে বদলিৰ নামত মুকলি বেহা চলাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত প্ৰীতম হাজৰিকা নামৰ পৰিদৰ্শকগৰাকী বিষয়া বদলিৰ ক্ষেত্ৰত উঠিৰজা বহিৰজা হৈ পৰিছে। প্ৰীতম হাজৰিকাৰ টেবুলেৰে বদলিৰ ফাইল আগবঢ়াৰ সুযোগত পৰিদৰ্শক গৰাকীয়ে নিজৰ খেয়াল খুচি মতে কাম কৰাৰো অভিযোগ উত্থাপন হৈছে।

Advertisment

এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাবে কৰ্মত যোগদান কৰি পদোন্নতিৰ সূত্ৰে পৰিদৰ্শক পদ লাভ কৰা হাজৰিকাই শেহতীয়া ভাবে হোৱা পৰিদৰ্শকৰ বদলিৰ প্ৰক্ৰিয়াটো ব্যাপক বিসংগতি সংঘটিত কৰাৰ অভিযোগ উঠিছে। শেহতীয়া ভাবে হোৱা পৰিদৰ্শকৰ বদলিৰ প্ৰক্ৰিয়াত কামৰূপ মহানগৰ জিলাৰ ৯ গৰাকী পৰিদৰ্শকক অন্য জিলালৈ বদলি কৰা হৈছে আৰু জিলাখনলৈ অন্য জিলাৰ পৰা ১২ গৰাকী পৰিদৰ্শকক বদলি কৰা হৈছে। একেদৰে কামৰূপ জিলাৰ ৫ গৰাকী পৰিদৰ্শকক অন্য জিলালৈ বদলি কৰা হৈছে আৰু জিলাখনলৈ অন্য ঠাইৰ ৭ গৰাকী পৰিদৰ্শকক বদলি কৰা হৈছে।

কিন্তু কোন গৰাকী পৰিদৰ্শকক কোন গৰাকী পৰিদৰ্শকৰ বিপৰীতে বদলি কৰা হৈছে সেয়া বদলিৰ নিৰ্দেশনাত উল্লেখ নাই। যাৰ বাবে স্বাভাৱিকতে বদলি হোৱা পৰিদৰ্শক সকল বিবুধিত পৰিছে। অন্যহাতে প্ৰীতম হাজৰিকা নামৰ পৰিদৰ্শক গৰাকীয়ে ২৩ বছৰ ধৰি একেটা কাৰ্যলয়ত থকাৰ পাছতো কিয় বদলি নহয় তাক লৈয়ো বিভাগটোৰ সৰ্বত্ৰে চৰ্চা চলিছে। উল্লেখ্য যে একেটা কাৰ্যলয়তে মৃগাংক হাজৰিকা নামৰ বিষয়াগৰাকীৰো কেইবাবছৰো ধৰি চকী নলৰাৰ অভিযোগ উত্থাপন হৈছে। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীৰো দৃষ্টি আকৰ্ষণ কৰিব বিছাৰিছে বিভাগটোৰ একাংশ কৰ্মচাৰীয়ে।

Also Read: অসমৰ ৰাজনীতিত হঠাৎ মূল্যহীন হ'ল ফনী শৰ্মা

GOVT OF ASSAM