শৰীৰ ওজন কম কৰিবলৈ কি কৰিব? বিশেষজ্ঞই কি কয় জানক...

কেৱল ধুনীয়া দেখাৰ বাবেই নহয় । শৰীৰ সুস্থ ৰখাৰ বাবেও ওজন নিয়ন্ত্ৰণ কৰাটো প্ৰতিজন লোকৰ বাবে জৰুৰী ।

author-image
Asomiya Pratidin
New Update
শৰীৰ ওজন কম কৰিবলৈ কি কৰিব? বিশেষজ্ঞই কি কয় জানক...

ডিজিটেল ডেস্কঃ কেৱল ধুনীয়া দেখাৰ বাবেই নহয়, শৰীৰ সুস্থ ৰখাৰ বাবেও ওজন নিয়ন্ত্ৰণ কৰাটো প্ৰতিজন লোকৰ বাবে জৰুৰী । অৱশ্যে বিভিন্ন কাৰকৰ বাবে আমাৰ শৰীৰত চৰ্বি বৃদ্ধি পায় । খোৱাত অনিয়ম, নিয়মিত ফাষ্ট ফুড, সুৰাপান, টোপনিৰ অভাৱৰ বাবে মূলত শৰীৰত চৰ্বি জমা হোৱাৰ কথা বিশেষজ্ঞই উল্লেখ কৰিছে।

Advertisment

এই সমূহৰ পৰা পৰিত্ৰাণ পোৱাৰ উপদেশ প্ৰদান কৰিছে বিশেষজ্ঞই । বিশেষজ্ঞৰ মতে আপুনি ওজন হ্ৰাস কৰিবলৈ কি কৰা উচিত ?

১) বহুতেই ভাবে ৰাতি আহাৰ খোৱা বন্ধ কৰিলে ওজন হ্ৰাস পায় । কিন্তু প্ৰকৃততে এইয়া সঁচা নহয় । দীৰ্ঘ সময় ধৰি খালি পেটৰে থকাৰ ফলত শৰীৰত অন্য সমস্যাই দেখা দিয়ে । সেয়ে আপুনি যিমান পাৰে সিমান সোনকালে নিশাৰ আহাৰ গ্ৰহণ কৰক । আহাৰ গ্ৰহণ আৰু নিশা শুৱাৰ মাজত দুই ঘন্টা ব্যৱধান ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে বিশেষজ্ঞই ।

২) পুৱা আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট সময় খালি কৈ নাথাকিব । এইয়া শৰীৰৰ বাবে ক্ষতিকাৰক । ইয়াৰ বিপৰীতে বিশেষজ্ঞই অলপ অলপ কৈ কিছু সময়ৰ মূৰে মূৰে খোৱাৰ পৰামৰ্শ আগবঢ়াইছে । এনে কৰিলে একেলগে খাদ্য খোৱাৰ প্ৰৱণতা হ্ৰাস পাব ।

৩) যদি আপুনি কৰ্মক্ষেত্ৰলৈ বা অন্য কামৰ বাবে, আপোনাৰ ওচৰত কিছু স্বাস্থ্যকৰ লঘু আহাৰ ৰাখিব। যদি আপোনাৰ ভোক লাগিছে, আপুনি বাহিৰৰ খাদ্য নোখোৱাকৈ নিজে লৈ যোৱা জলপান খাব পাৰে।

Also Read: কোনে বুজিব দুৰ্দশা? পুনৰ মেচিনত সোমাল চাহ শ্ৰমিক

weight lose