কোনে বুজিব দুৰ্দশা? পুনৰ মেচিনত সোমাল চাহ শ্ৰমিক

কোনে বুজিব দুৰ্দশা?  পুনৰ মেচিনত সোমাল চাহ শ্ৰমিক

বৰষা শৰ্মা

আজি নহয়,পূৰ্বৰে পৰা প্ৰতাৰিত হৈ আহিছে চাহ শ্ৰমিকসকল। শোষণ, লাঞ্চনাৰ বলি হৈ অহা এই চাহ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ চৰকাৰে বিভিন্ন সময়ত পদক্ষেপ লৈ আহিছে যদিও আজিও শোষণৰ পৰা মুক্ত নহয় এওঁলোক।

দৈনিক ২০০-৩০০ টকাৰ মজুৰি লাভ কৰা এই চাহ শ্ৰমিকসকলে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনত যথেষ্ঠ অৰিহণা যোগাই আহিছে। কিন্তু ইমান বছৰ পাছতো এতিয়াও চাহ শ্ৰমিকসকলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপিত হৈ আহিছে।

১৯ জুলাই, ২০২২ ত ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাত কৰ্মৰত যুৱতী মইনা নায়কৰ খবৰে ব্যাথিত কৰি তুলিছিল সকলোকে। চাহ বাগিচা কৰ্তৃপক্ষৰ  গাফিলতি আৰু শ্ৰমিকৰ আইন উলংঘা কৰাৰ বাবে চাহ বাগিচাৰ কলঘৰৰ কাটিং মেছিনত সোমাই পৰিছিল ২৫ বছৰীয়া যুৱতী মইনা নায়ক। এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মইনাৰ সোঁহাত খন ভাঙি যোৱাৰ লগতে চুলিকোচা কলঘৰৰ মেছিনত সোমাই লাওখোলাৰ ওপৰৰ ছালৰ তৰপসহ উভালি গৈছিল।

মেছিনৰ কাষতে পৰি ৰৈছিল মইনাৰ চুলি কোচাসহ কাপোৰ আৰু লাওখোলাৰ ছাল। বহুদিন ধৰি চলা চিকিৎসাৰ পাছত সুস্থ হৈ উঠিছিল মইনা। পাছত জি এম চি এইচৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছিল মইনা নায়কক। বৰ্তমান সুস্থ মইনা নায়ক।

এই ঘটনাৰ পাছত কিবা শিক্ষা ল'লে নেকি চাহ বাগিছা কৰ্তৃপক্ষই? সেয়াও এতিয়া এক ডাঙৰ প্ৰশ্ন। ১০ জুলাই ২০২৩ ত সংঘটিত হ'ল পুনৰ এক শোকাবহ ঘটনা। গহপুৰৰ দফলাগড় চাহ বাগিচাত বাগিচাৰ কলঘৰৰ মেচিনত সোমাই শ্রমিকৰ কৰুণ মৃত্যু।

শ্রমিকজনৰ নাম সুখমন মুণ্ডা। মেচিনত চাহপাত ঢালি থকা সময়তে সংঘটিত এই ঘটনা।অসাৱধানবশতঃ কোনো লোকে চলাই দিছিল মেচিনৰ পাংখা। পাংখাত সোমাই টুকুৰা-টুকুৰ হয় শ্রমিকজনৰ শৰীৰ। বাগিচাখনৰ ১৬নং লাইনৰ বাসিন্দা আছিল সুখমন মুণ্ডা।

এই খবৰ অতিকে যন্ত্ৰণাদায়ক। অইন দিনাৰ দৰে আজিও কামলৈ ওলাই গৈছিল সুখমন মুণ্ডা। কিন্তু আজি তেওঁ ঘূৰি আহিল এটি মৃতদেহ হৈ। কোনোলোকৰ অসাৱধানতাৰ বাবেই হওক বা আন কাৰণতেই হওত পুনৰ প্ৰাণ গ'ল এজন শ্ৰমিকৰ।

চাহবাগিচাত ঘটনা এনে ঘটা এনে ঘটনা নতুন নহয়। ইয়াৰ পূৰ্বেও কেৱল মইনা নায়কে নহয়, বহুলোকে কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে হয়তো প্ৰাণ হেৰুৱাইছে, নহয়তো ঘূণীয়া হৈ ৰৈছে।

এই শ্ৰমিকসকলৰ কথা চিন্তা কৰিব কোনে? চাহ জনগোষ্ঠীৰ লোক সকলক প্ৰতিনিধিত্ব কৰা বহু নেতা মন্ত্ৰী বিধায়ক সাংসদ আছে। এইসকল লোকক লৈ তেওঁলোকে ৰাজনীতি কৰে। কিন্তু যেতিয়া সময় আহে, এবাৰ সিংহাসনত বহিবলৈ পায়, তাৰপাছত পাহৰি যায় সকলো।

চৰকাৰখনে এইসকল লোকক লৈয়ে ৰাজনীতি কৰি থকা নাই জানো? তেন্তে কিয় এই লোকসকলৰ লগত জড়িত বিষয়বোৰ গুৰুত্ব সহকাৰে নলয়? সময়ে সময়ে এনে কাণ্ড সংঘটিত হৈয়ে থাকে, কিন্তু চাহবাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে কোনো ব্য়ৱস্থা হাতত লোৱা দেখা নাযায়। সামান্য জৰিমনা বিহে। তাতেই যেন শেষ সকলো।

সাধাৰণ মানুহৰ জীৱনৰ মূল্য নাই নেকি? কেতিয়া গাত তত আহিব চাহ বাগিচাৰ মালিকসকলৰ। কেতিয়া সুৰক্ষাৰ দিশত উচিত ব্যৱস্থা ল'ব চাহ বাগিচাৰ কৰ্তৃপক্ষই? আৰু কেতিয়া চাহ বাগিচা কৰ্তৃপক্ষৰ গাফিলতিৰ বিৰুদ্ধে ব্যৱস্থা ল'ব চৰকাৰ তথা প্ৰশাসনে?

মইনা নায়ক, সুখমন মুণ্ডা কেৱল মাত্ৰ উদাহৰণ। শোষকৰ ৰূপত একাংশই জনতাৰ তেজ শুহি উন্নতিৰ চিৰি বগাই গঢ়িছে ৰাজপ্ৰসাদ। এইবোৰ ঘটনাই উদঙাই দিছে অসমৰ চাহ বাগিচা বোৰত চলি থকা অনিয়ম, গাফিলতি আৰু অত্যাচাৰৰ মুখামুখি হোৱা এক কৰুণ ছবি। এইবোৰ জাতীয় শোষক-অৱদমনৰ জীয়া প্ৰতিফলন।

হাড়ভঙা পৰিশ্ৰম, তাৰ বিনিময়ত সামান্য মজুৰি, তথাপিও চাহ শ্ৰমিকসকলৰ যন্ত্ৰণাৰ আদি-অন্ত নাই। স্বাধীনতাৰ পূৰ্বৰে পৰা এই শ্ৰমিকসকল শোষণ-পীড়ন, অৱহেলাৰ সন্মুখীন হৈ আহিছে। আজিও ইয়াৰ ব্যতিক্ৰম নহয়।

আজিও শ্ৰমিকসকলে শিকলি চিঙিব পৰা নাই। ভৱিষ্যত যেন অন্ধকাৰ আহিবলগীয়া প্ৰজন্মৰ। চৰকাৰী পৃষ্ঠপোষকতাত আৰু শ শ বছৰ ধৰি যে এই শ্ৰমিকসকলে এনেদৰে জীয়াই থাকিব লাগিব সেয়া নিশ্চিত।

এই শ্ৰমিকসকলৰ আৰ্থ-সামাজিক অৱস্থাৰ আজিও পৰিবৰ্তন নহ'ল। কম মজুৰি, বিভিন্ন সমস্যাৰে জৰ্জৰিত চাহ শ্ৰমিকসকলে বিভিন্ন সময়ত আন্দোলন কৰি আহিছে যদিও সমস্যা তেনেকৈয়ে আছে। সমাধান নাই। আন্দোলনৰ ফলত জন্ম হৈছে নেতাৰ, আৰু সেই নেতাই পুনৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে এই শ্ৰমিকসকলক।

আৰু কেতিয়ালৈকে চাহ শ্ৰমিকসকলে এনেদৰে লাঞ্চনাৰ বলি হৈ থাকিব? মাত্ৰ এজন মানুহেৰে চৰকাৰ গঠন হ'ব নোৱাৰে বা এজন মানুহেৰে সমাজ নচলে। মইনা নায়ক, সুখমন মুণ্ডাৰ দৰে বহু লোকৰ লগত থকা দুখ, যন্ত্ৰনা, কষ্টৰ চিৰি বগাই একাংশই মন্ত্ৰী, বিধায়ক হয়গৈ। জীয়াই থকাৰ আশা, এটা সুন্দৰ ভৱিষ্যতৰ আশাতেই এওঁলোকে নিৰ্বাচন কৰে জনপ্ৰতিনিধি। সেই জনপ্ৰতিনিধি সকলেও খাটি খোৱা লোকৰ দুৰ্বলতাৰ সুযোগ লৈ বগাই উন্নতিৰ জখলা।

আশা মাঁথো এটাই, এদিন নহয়, এদিন জনপ্ৰতিনিধিয়ে বুজিব চাহ শ্ৰমিকসকলৰ দুৰ্দশা। কেৱল ভোটৰ আশাত ব্যৱহাৰ নকৰি প্ৰকৃত অৰ্থত তেওঁলোকৰ বাবে চিন্তা কৰিব। কেৱল মাত্ৰ আঁচনিত নাম অন্তৰ্ভুক্ত কৰাতেই শেষ নহয় সমস্যা। চাহ শ্ৰমিসকলৰ সুৰক্ষাৰ দিশতোও অতি গুৰুত্বপূৰ্ণ।

কোনো লেকাম নোহোৱাৰ দৰে চাহ বাগিচা কৰ্তৃপক্ষই কাম কৰি গৈছে। তেওঁলোকৰ বিৰুদ্ধে লোৱা নহয় কোনো ব্যৱস্থা। যাৰ বাবে কোনো প্ৰকাৰে সাৰি যায় কৰ্তৃপক্ষ। সুখমন মুণ্ডা আৰু ঘূৰি নাহে। আশা মাঁথো এটাই, চাহ বাগিচা কৰ্তৃপক্ষৰ গা লৰিব লগতে আৰু এজনক সুখমন মুণ্ডাৰ দৰে মৃত্যুৰ মুখলৈ ঠেলি নিদিব।

কোনে বুজিব দুৰ্দশা?  পুনৰ মেচিনত সোমাল চাহ শ্ৰমিক
অহা নাই আলহী, নিকিনো বিলাহী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in