/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/2c5d0f94-555f-40a9-9201-878ea1ae2581/delhi_weather.jpg)
ডিজিটেল ডেস্ক: সমগ্ৰ দেশত এতিয়া শীতৰ প্ৰকোপ। পূৰ্বৰ তুলনাত শীতৰ প্ৰকোপ কিছু হ্ৰাস পালেও বহু ঠাইত এতিয়াও শীতে সেৰেঙা কৰি ৰাখিছে সকলো। বিশেষকৈ উত্তৰ ভাৰতৰ ৰাজ্য সমূহত শীতে জন জীৱন ব্যাহত কৰাও দেখা যায়।
বৃহস্পতিবাৰে দিল্লীত সৰ্বনিম্ন তাপমাত্ৰা আছিল ১২.৮ ডিগ্ৰী চেলচিয়াছ। আৰু আগন্তুক কেইবাদিনত বৰষুণ হোৱাৰ সম্ভাৱণা আছে। বতৰ বিজ্ঞান বিভাগে সদৰি কৰে এই তথ্য ।
আইএমডিয়ে কয় যে ২৯ জানুৱাৰীত দিল্লীত পাতল বৰষুণ হ'ব পাৰে। দিল্লীৰ উপৰিও উত্তৰ পূৱ ভাৰতৰ প্ৰায় সমূহ ৰাজ্যত শীতৰ বাবে এতিয়াও ঘন কুৱলীয়ে আৱৰি থকা দেখা যায়।
অৱশ্যে উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসমত কিছু পৰিমাণে হ্ৰাস পাইছে শীতৰ প্ৰকোপ। বতৰ কিছু পৰিমাণে ডাৱৰীয়া হ'লেও বৰ্তমানলৈ বৰষুণৰ কোনো সম্ভাৱণা নাই।
আৰু পঢ়ক: বৰ্ণাঢ্য কাৰ্যসূচীৰে কামৰূপ জিলাত উদযাপন গণৰাজ্য দিৱস