/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/3304bf37-fe3a-4ab1-ad94-7ff53e046a56/ranjit_da.jpg)
বৰ্ণাঢ্য কাৰ্যসূচীৰে কামৰূপ জিলাত উদযাপন গণৰাজ্য দিৱস
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে আজি কামৰূপ জিলাতো দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আমিনগাঁওৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত আয়োজন কৰা গণৰাজ্যৰ দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/8b972af9-2313-458a-b2b6-77e3fe6e8a00/0f83cb62_5300_414c_bce9_75fc9f18b6bb.jpg)
মন্ত্ৰীগৰাকীয়ে লগতে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এন চি চি, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আদিৰ তৰফৰ পৰা প্ৰদৰ্শন কৰা কুচকাৱাজ পৰিদৰ্শনৰ কৰাৰ উপৰি অভিবাদন গ্ৰহণ কৰে। গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰাৰ উপৰি স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিয়া শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/193e4c75-e53c-4975-861b-cb73d6c9d199/80186dc4_90e6_4e17_9535_f8a8255cc04f.jpg)
তেওঁ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ দ্ৰুত বিকাশৰ দিশত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিস্তৃত আলোকপাত কৰি বক্তব্য প্ৰদান কৰে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনি সমূহে জনসাধাৰণৰ বিকাশৰ দিশত বিশেষভাৱে অৰিহণা যোগাইছে বুলিও তেওঁ কয়। ৰাইজৰ মৰম, সমৰ্থন, সহযোগিতা আৰু আশীৰ্বাদেৰে চৰকাৰখনে ৰাজ্যখনৰ দ্ৰুত উন্নয়নৰ বাবে আগন্তুক দিনবোৰত দায়বদ্ধতাৰে তথা নিৰৱচ্ছিন্নভাৱে কাম কৰি যাব বুলিও তেওঁ কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/974a87d2-7dd7-47f3-a5ab-66fdb3d261a9/85575c43_315f_4c39_9465_7150a1c7a871.jpg)
গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত অসমৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি, তথা দেশ মাতৃৰ বন্দনাৰে সমৃদ্ধ এক বৰ্ণিল সংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনীৰ সদস্যৰ দ্বাৰা প্ৰদৰ্শন কৰা অনুশীলনো প্ৰদৰ্শন কৰা হয়।
আজিৰ এই গণৰাজ্য দিৱসৰ কাৰ্যসূচীতে বন আৰু বন্য জীৱ-জন্তুৰ সংৰক্ষক হিচাপে বিশেষ পৰিচিতি লাভ কৰা তথা অসম গৌৰৱ বঁটা প্ৰাপক ধৰণীধৰ বড়োক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱাৰ উপৰি পুনে অপেন আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত ৰূপৰ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰা জিলাৰ তিনি গৰাকী খেলুৱৈ সম্বৰ্দ্ধনা জনোৱা হয়। তদুপৰি গণৰাজ্য দিৱসৰ কুচকাৱাজত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা দল ক্ৰমে কামৰূপ ডি.ই.এফ. ওমেন প্লাটুন, কামৰূপ ডি.ই.এফ.ইউ.বি. প্লাটুন আৰু জিলা গৃহ ৰক্ষী বাহিনীক বঁটা প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/3ac1b04a-210d-4e67-baf6-27e7b62fdce0/bedc2f10_e201_4d84_bd79_7fc75dc9c102.jpg)
তদুপৰি গণৰাজ্য দিৱস উপলক্ষে কামৰূপ জিলাৰ শিক্ষা বিভাগৰ উদ্যোগত বিদ্যালয় ভিত্তিত আয়োজিত ৰচনা প্ৰতিযোগিতাৰ বঁটা সমূহো প্ৰদান কৰা হয়। দুটা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ সৰ্বমুঠ ৮গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰাৰ উপৰি মণ্ডল সমল কেন্দ্ৰৰ মাজত অনুষ্ঠিত মাৰ্গদৰ্শন প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ মণ্ডল সমন্বয়ক ৪ গৰাকীকো পুৰস্কাৰ প্ৰদান কৰা হয়।
গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত মঙলদৈ লোকসভা সমষ্টি সাংসদ দিলীপ শইকীয়া, বিধায়ক দিগন্ত কলিতা, উপায়ুক্ত কীৰ্তি জল্লী, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা আৰু সত্ৰ ন্যায়ধীশ, কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ, জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীকে ধৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/777784a7-5c99-465b-ac4f-5a1c6548036d/0570b306_ff27_4478_9b58_5f9a743cbb4d.jpg)
আনহাতে ৭৪ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত নৰসিং বেই আজি সংহত উপায়ুক্ত কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানৰ পিছতে শৰাইঘাট দলঙৰ সমীপত স্থাপন কৰা কামৰূপ জিলাৰ আদৰণী গ্লোচাইন এখন অনুষ্ঠানিকভাৱে উন্মোচন কৰে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/48798c67-79a2-4b02-9870-850e628068ec/8827cb75_a06f_41b1_ac8f_d2781f74193c.jpg)