গুৰুগ্ৰামৰ এখন কেফেত চাঞ্চল্যঃ মাউথ ফ্ৰেছনাৰ ব্যৱহাৰৰ পিছতেই তেজ বমি ৫জল লোকৰ

মাউথ ফ্ৰেছনাৰ ব্যৱহাৰৰ পিছতেই তেজ বমি ৫জল লোকৰ

author-image
Asomiya Pratidin
New Update
গুৰুগ্ৰামৰ এখন কেফেত চাঞ্চল্যঃ মাউথ ফ্ৰেছনাৰ ব্যৱহাৰৰ পিছতেই তেজ বমি ৫জল লোকৰ

ডিজিটেল ডেস্কঃ ২ মাৰ্চত গুৰুগ্ৰামৰ এখন কেফেত খাদ্য গ্ৰহণৰ পিছত মাউথ ফ্ৰেছনাৰ ব্যৱহাৰৰ ফলতেই তেজ বমি আৰু মুখত পুৰণি আৰম্ভ হয় ৫গৰাকী লোকৰ। ইয়াৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হয় কেফেখনত।

Advertisment

গুৰুগ্ৰামৰ ছেক্টৰ ৯০ৰ লাফৰেষ্টা কেফেত সংঘটিত হয় এই ঘটনা। অংকিত কুমাৰ নামৰ ব্যক্তিজনে তেওঁৰ পত্নীসহ ৫জন বন্ধুবৰ্গৰ সৈতে আহাৰ গ্ৰহণৰ বাবে গৈছিল কেফেখনলৈ । আহাৰ গ্ৰহণৰ পিছত ব্যৱহাৰ কৰা মাউথ ফ্ৰেছনাৰৰ ফলতেই তেজ বমি আৰম্ভ হয়।

৫জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। মাউথ ফ্ৰেছনাৰত অপ দ্ৰব্য মিহলোৱাৰ অভিযোগ ভুক্তভুগীৰ। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ৰেষ্টুৰেণ্টখনৰ মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে । উক্ত অভিযোগৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত জাৰি ৰাখিছে।

Also Read: ৰেলৰ খুন্দাত বনৰীয়া হাতীৰ অপমৃত্যু

gurugram