ৰেলৰ খুন্দাত বনৰীয়া হাতীৰ অপমৃত্যু

ৰেলৰ খুন্দাত  বনৰীয়া হাতীৰ অপমৃত্যু

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ লখিমপুৰ জিলা বন বিভাগৰ অন্তৰ্গত দুলুং বনাঞ্চলৰ পথালিপামৰ শিংগীজান দলঙৰ সমীপত সোমবাৰে বিয়লি ৰেলৰ খুন্দাত এজনী হাতী নিহত হয়।

খবৰ অনুসৰি, দুলুং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত উলাই আহিছিল এটা পোৱালি সহ দুটামান হাতী। এনে সময়তে মুৰ্কংচেলেক অভিমুখে তীব্ৰ বেগত যোৱা WDG4 12930 নম্বৰৰ যাত্ৰীবাহী ৰেলখনে প্ৰচণ্ড খুন্দা মাৰে এজনী হাতীক।

পৰিণতিত নিঃকৰুণ ভাৱে ইঞ্জিনৰ তলত সোমাই অকাল মৃত্যুক সাৱটি লয় হাতীজনীয়ে। প্ৰায় ২৫ বছৰ বয়সীয়া হাতীজনী বৰ্তমানলৈকে ৰে'লৰ ইঞ্জিনৰ তলতে সোমায় আছে । ঘটনা সংঘটিত হোৱাৰ পাছত ৰে'লখন ৰাখি মৃত হাতীজনী উলিওৱাৰ চেষ্টা চলোৱা হয় । ঘটনা স্থলীত পথালিবাম বনবিভাগৰ বনাঞ্চলিক বিষয়া আৰু ৰে'ল বিভাগৰ বিষয়া উপস্থিত হৈছে ।

ৰে'লখনৰ যাত্ৰী আৰু ৰাইজৰ অভিযোগ দুলুং সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ৰে'লৰ গতি বেগ তীব্ৰতৰ হোৱাৰ বাবে বনাঞ্চলখনৰ পৰা ওলাই অহা হাতীজনীৰ কৰুণ মৃত্যু ঘটে।

উল্লেখ্য যে বনবিভাগৰ পৰামৰ্শ অনুসৰি ৰে'ল বিভাগে সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ৰে'ল পথত নিয়ন্ত্ৰিত গতিত ৰেল চলাচলৰ নিৰ্দেশ দিছে । কিন্তু বিভিন্ন সময়ত বিভাগীয় নিৰ্দেশনা উলংঘা কৰা পৰিলক্ষিত হৈছে। ফলত বিগত সময়চোৱাত অগণন বন্য প্ৰাণীৰ অকাল মৃত্যু ঘটাৰ ব্যাপক ৰাজহুৱা অভিযোগ উত্থাপিত হৈ আহিছে। ৰে'ল কৰ্তৃপক্ষৰ এনে বেপৰোৱা নীতিৰ বিৰুদ্ধে প্ৰকৃতিপ্ৰেমী ৰাইজ ক্ষুব্ধ হৈ উঠিছে।

দুলুং বনাঞ্চলখনৰ জীৱকুলৰ প্ৰতি ভাবুকি সৃষ্টি কৰি অহা এই দুৰন্ত গতিৰ ৰে'ল চলাচল নিয়ন্ত্ৰণ নকৰিলে অনাগত সময়ত অধিক বন্যপ্ৰাণী নিহত হোৱাটো নিশ্চিত । উল্লেখ্য যে বনৰীয়া হাতীৰ দলটো ৰে'লপথত দেখি বন বিভাগে ৰেলৰ গতি স্তিমিত কৰিবলৈ বহুবাৰ সংকেত দিছিল ।কিন্তু দুৰন্ত গতি হ্ৰাস নকৰি কাণ্ডজ্ঞানহীন ভাৱে যাত্ৰা কৰাৰ বাবেই এজনী নিৰ্বোধ হাতীয়ে সোমবাৰে অকালতে প্ৰাণ হেৰুৱাব লগা হয় ।

ৰেলৰ খুন্দাত  বনৰীয়া হাতীৰ অপমৃত্যু
চিমেন চাপৰিত কেন্দ্ৰীয় মন্ত্ৰী কৈলাশ চৌধুৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in