/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/23143397-7450-4436-b4b0-fce6154ee835/AP_FOR_WEB_prize.jpg)
অসমীয়া প্ৰতিদিন ডিজিটেলৰ পূজা বিষয়ক ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা...
ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিন ডিজিটেলে শাৰদীয় দুৰ্গা পূজা উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন ৰচনা প্ৰতিযোগিতা আয়োজন কৰিছিল। ‘’ধৰ্মীয় আৰু সাৰ্বজনীন দৃষ্টিৰে দুৰ্গা পূজা’’- বিষয়ক এই ৰচনা প্ৰতিযোগিতালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ ব্যাপক সহাৰি লাভ কৰা হৈছিল। কম সময়ৰ ভিতৰতেই এই প্ৰতিযোগিতালৈ তিনি সহস্ৰাধিক প্ৰতিযোগীয়ে প্ৰেৰণ কৰিছিল ৰচনা।
ৰাজ্যৰ কেইবাজনো বিশিষ্ট শিক্ষাবিদ, সাহিত্যিকৰ জৰিয়তে এই ৰচনাসমূহ পৰীক্ষা কৰা হৈছিল। বিচাৰকৰ ৰায় অনুসৰি এই প্ৰতিযোগিতাত প্ৰথমস্থান লাভ কৰিছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ প্ৰজ্ঞান জ্যোতি ভূঞাই। ভূঞা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ। প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছে গোলাঘাটৰ ফৰকাটিং গজানন্দ জালান বালিকা বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী অংকুৰিতা দেৱীয়ে। উক্ত প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিছে অসম জাতীয় বিদ্যালয়, নুনমাটিৰ দশম শ্ৰেণীৰ ছাত্ৰ দিপ্যমাণ কলিতাই।
এই প্ৰতিযোগিতালৈ বহু উন্নত মানৰ ৰচনা ছাত্ৰ-ছাত্ৰীসকলে প্ৰেৰণ কৰিছিল। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এই প্ৰতিযোগিতা সীমাবদ্ধ আছিল। অসমীয়া প্ৰতিদিনৰ চানমাৰিস্থিত কাৰ্যালয়ত অহা ৪ নৱেম্বৰ শনিবাৰে বিয়লি ৪ বজাত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰসমূহ প্ৰদান কৰা হ’ব।
পুৰস্কাৰ গ্ৰহণ কৰিবলৈ নিজা ব্যয়ৰে আহিব লাগিব আৰু প্ৰতিযোগীসকলে পৰিচয় পত্ৰ লগত লৈ আহিব লাগিব। প্ৰথম শ্ৰেষ্ঠ প্ৰতিযোগীক নগদ ১০ হাজাৰ টকা আৰু প্ৰমাণপত্ৰ, দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক নগদ ৫ হাজাৰ আৰু প্ৰমাণ পত্ৰ, তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক নগদ ৩ হাজাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।
ইচ্ছুক প্ৰতিযোগীয়ে এই সন্দৰ্ভত কিবা জানিব বিচাৰিলে ০৩৬১২৬৬৪৫৯৪ নম্বৰৰ জৰিয়তে অসমীয়া প্ৰতিদিনৰ ডিজিটেল কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব।