ভাৰতীয় সামুদ্ৰিক অৰ্থনীতিত নৱ সংযোজনেৰে মুকলি ট্ৰেন্সশ্বিপমেণ্ট কণ্টেইনাৰ বন্দৰ

ভাৰতীয় সামুদ্ৰিক অৰ্থনীতিত নৱ সংযোজনেৰে উদ্বোধন ট্ৰেন্সশ্বিপমেণ্ট কণ্টেইনাৰ বন্দৰ

author-image
Asomiya Pratidin
New Update
ভাৰতীয় সামুদ্ৰিক অৰ্থনীতিত নৱ সংযোজনেৰে মুকলি ট্ৰেন্সশ্বিপমেণ্ট কণ্টেইনাৰ বন্দৰ

ডিজিটেল ডেস্কঃ দেওবাৰে কেৰেলাত মুকলি কৰা হ’ব ট্ৰেন্সশ্বিপমেণ্ট কণ্টেইনাৰ বন্দৰ। ভিজিনজাম নামেৰে নামাকৰণ কৰা এই ট্ৰেন্সশ্বিপমেণ্ট কণ্টেইনাৰ বন্দৰটো ভাৰতৰ প্ৰথম ডাঙৰ কন্টেইনাৰ জাহাজৰ বন্দৰ।

Advertisment

এই বন্দৰটোৱে চীনৰ আধিপত্য থকা আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক বাণিজ্যৰ এটা বৃহৎ অংশ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও ই দেশলৈ অহা-যোৱা কৰা সামগ্ৰীৰ বাবে লজিষ্টিক খৰচ যথেষ্ট পৰিমাণে হ্ৰাস কৰাৰ লগতে বিকল্প উৎপাদন কেন্দ্ৰ হিচাপে কাম কৰিব বুলিও আশা কৰা হৈছে।

কেৰালাৰ মনোমোহা উপকূলৰ কাষৰ বহু প্ৰত্যাশিত গভীৰ সাগৰীয় বন্দৰটো স্থানীয় ৰাজ্য চৰকাৰৰ সহযোগত আদানী বন্দৰ এণ্ড স্পেচিয়েল ইকনমিক জ’ন লিমিটেডে নিৰ্মাণ কৰিছে। এই বন্দৰটোত আদানী গ্ৰুপৰ ৩০ শতাংশ বজাৰ অংশীদাৰত্ব থাকিব।

মুম্বাইস্থিত টিচিজি এচেট মেনেজমেণ্ট কোম্পানীৰ মুখ্য বিনিয়োগ বিষয়া ছক্ৰী লোকপ্ৰিয়াই কয় যে ভাৰত মহাসাগৰে সাগৰীয় বাণিজ্যৰ ৫০% বাণিজ্য চলায়।প্ৰাকৃতিক সুবিধাৰ সৈতে ভিজিনজাম বন্দৰে এতিয়া আদানী বন্দৰৰ বাবে পৰিচালনাৰ মাৰ্জিন আৰু অধিক উন্নত কৰিব।

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২২ চনৰ এক প্ৰতিবেদনত প্ৰকাশ কৰিছে যে জাহাজৰ সংযোগৰ দুৰ্বলতাই ভাৰতক বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক বাণিজ্যত আগ-ভাগ লোৱাত বাধাৰ সৃষ্টি কৰি আহিছে। বন্দৰ মন্ত্ৰালয়ৰ ৭ ফেব্ৰুৱাৰীত প্ৰকাশিত এক বিবৃতিত কোৱা হৈছে যে ২০২০ চনত ভাৰতৰ কণ্টেইনাৰ ট্ৰেফিক মাত্ৰ ১ কোটি ৭০ লাখ টিইইউ আছিল আনহাতে চীনৰ ২৪৫ মিলিয়ন টিইইউ আছিল।

এনে পৰিপ্ৰেক্ষিতত বিশ্বৰ মানচিত্ৰত দেওবাৰে সংযোগ হোৱা ভাৰতৰ এই নতুন ট্ৰেন্সশ্বিপমেণ্ট কণ্টেইনাৰ বন্দৰটোৱে ভাৰতীয় অৰ্থনীতিলৈ যথেষ্ট ইতিবাচক পৰিৱৰ্তন আনিব বুলি আশা কৰিছে দেশৰ অৰ্থ বিশেষজ্ঞসকলে।

Also Read: ভাৰত-পাক মেচৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান কিয় সম্প্ৰচাৰ নহ'ল টিভি, অ'টিটিত...

ADANI GROUP