/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/408e972a-d4ab-4748-9673-97561265d7e2/fsdfdsd.jpg)
ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন বিশেষ পদত্যাগ পত্ৰ। শ্বেয়াৰ বজাৰত তালিকাভুক্ত কোম্পানী এটাৰ শীৰ্ষ কাৰ্যবাহীৰ হাতে লিখা পদত্যাগ পত্ৰ এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ৰং নিৰ্মাতা মিটচি ইণ্ডিয়াৰ মুখ্য বিত্তীয় বিষয়া ৰিংকু পেটেলে ১৫ ডিচেম্বৰত তেওঁ পৰিচালনা সঞ্চালকৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে।
চিঠিখন এখন আঁচ দিয়া পৃষ্ঠাত লিখা হৈছিল। শিশুয়ে বিদ্যালয়ত ব্যৱহাৰ কৰা বহীৰ পৃষ্ঠাৰ দৰে আছিল সেইবোৰ। ই-মেইলৰ যুগত এতিয়া হাতে লিখা পদত্যাগ পত্ৰ খনে ছ'চিয়েল মিডিয়াত যথেষ্ঠ চৰ্চা লাভ কৰিছে।
তেওঁ লিখিছে- সন্মানৰ সৈতে, মই ইয়াৰ দ্বাৰা আপোনাক জনাও যে মোৰ ব্যক্তিগত কাৰণত মই তাৎক্ষণিক ভাৱে চিএফঅ'ৰ চাকৰিৰ পৰা পদত্যাগ কৰিছো। আপোনাৰ প্ৰতিষ্ঠানৰ বাবে কাম কৰাৰ অভিজ্ঞতা অতি ভাল আছিল।
এই পত্ৰখন বৃহস্পতিবাৰে বম্বে ষ্টক এক্সচেঞ্জে (বিএছই) য়ে ৱেবছাইটত শ্বেয়াৰ কৰিছে। তেওঁলোকে জনাই যে এজন নতুন চিএফঅ' নিয়োগ কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু পদটো পূৰণ হোৱাৰ পিছত ষ্টক এক্সচেঞ্জসমূহক অৱগত কৰিব।
Also Read: পৰেশ বৰুৱালৈ প্ৰণামী মহন্তৰ ৬ টা প্ৰশ্ন...