পৰেশ বৰুৱালৈ প্ৰণামী মহন্তৰ ৬ টা প্ৰশ্ন...

পৰেশ বৰুৱালৈ প্ৰণামী মহন্তৰ ৬ টা প্ৰশ্ন...

আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই বহু দূৰৈত থাকিলেও ৰাজ্যখনৰ খবৰ তেওঁৰ নখদৰ্পনত থাকে। ৰাজনৈতিক, সামাজিক সকলো বিষয়ৰ ওপৰত থাকে তীক্ষ্ণ নজৰ। সেইগৰাকী পৰেশ বৰুৱাকেই এগৰাকী নাৰীয়ে সুধিব বিচাৰিছে ৬ টা প্ৰশ্ন।

নিজৰ পৰিচয় দি প্ৰণামী মহন্তই পৰেশ বৰুৱাক উদ্দেশ্যি সামাজিক মাধ্যমত লিখিছে এইদৰে- ''মই বিদ্যুৎ মহন্তৰ পত্নী। হয়, সেইজন বিদ্যুৎ মহন্ত যিজনে আকস্মিকভাৱে এটা দীঘলীয়া ফেচবুক প'ষ্ট আৰু পত্নীলৈ এটা হুৱাটচ আপ মেছেজ কৰি আলফা স্বাধীনলৈ গমন কৰিলে(!)

তেওঁ গ'লগৈ ,দিন হিচাপত আজি ১৬ দিন। এই ১৬দিনত আমি কিদৰে আছো কেৱল আমিহে অনুভৱ কৰিছো। কাৰণ আজি পৰ্যন্ত আমি তেওঁৰ এই সিদ্ধান্তৰ কোনো যথাযথ খবৰ পোৱা নাই। কাক সুধিম, কোনে দিব তেওঁৰ খবৰ। বাতৰিৰ পিছত দৌৰি থকা মোৰ প্ৰিয়তম পুৰুষজন নিজেই এটা বাতৰি হৈ মোক চিৰদিনলৈ এৰি বাকৰূদ্ধ কৰি অজ্ঞাত স্থানলৈ গুচি গৈছে কোনো ঠিকনা নজনোৱাকৈ। মই এগৰাকী সাধাৰণ মহিলা, এই দুৰ্ঘটনাৰ পিছত মনত বহুত কথাই অগাদেৱা কৰিছে। এই প'ষ্টটো লিখি মই কাৰো পুতৌৰ পাত্ৰ হ'ব নাই বিছৰা। কেইটামান কথা সুধিছো, আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা মহাশয়ক, যদি কেনেবাকৈ কোনোবাদিনা এই প'ষ্টটো আপোনাৰ দৃষ্টিগোচৰ হয় দয়াকৰি মোক মোৰ উত্তৰ কেইটা দিব''।

এয়া প্ৰণামী মহন্তই নিজৰ ফেচবুক একাউন্টত লিখা মনৰ কথা। ২১ ডিচেম্বৰ ২০২৩ ত লিখা এই কথাখিনি কোনো সম্পাদনা কৰা হোৱা নাই। প্ৰণামী মহন্তই এইখিনি কথা উপস্থাপন কৰি পৰেশ বৰুৱাক উদ্দেশ্যি ৬ টা প্ৰশ্ন কৰিছে। সেই প্ৰশ্ন কেইটা প্ৰণামী মহন্তৰ ভাষাত-

১)মোৰ স্বামী শ্ৰী বিদ্যুৎ মহন্ত সচাকৈয়ে আপোনাৰ সংগঠনলৈ গৈছে নেকি?

২)তেওঁ যদিহে গৈছে তেওঁক সোধক তেওঁ লিখাৰ দৰে মোক কি দি থৈ গৈছে যে এটা কনমানি ল'ৰা, বয়সে গৰকা তেওঁৰ নিজ পিতৃ মাতৃক মই কিদৰে দুখত নপৰাকৈ ৰাখিম?

৩)তেওঁক জবাব দিবলৈ কওঁক, এজন স্বামী হিচাপে হোমৰ জুইক সাক্ষী কৰি নিৰাপত্তা দিম বুলি অনা মইজনীক তেওঁ মাজ পথত কাৰ ভৰষাত এৰি এই পথত ভৰি থ'লে?

৪) তেওঁক কওঁক যদি তেওঁৰ সৎ সাহস আছে, এবাৰ মোক নিজ মুখে ক'বলৈ, যে মোৰ কি ভুলৰ পৰিণাম দিলে এইয়া?

৫)তেওঁ কিহৰ স্বাধীনতা বিছাৰি গ'ল? সেই স্বাধীনতা কেনে স্বাধীনতা য'ত বঙহেই বঙহৰ তেজ চুহে!

৬)আপুনি প্ৰতিশ্ৰুতি দিব পাৰিবনে যে আপোনালোকৰ প্ৰাপ্য স্বাধীনতা পালেই অসমৰ থলগিৰী ৰাইজে ন্যায় পাব, শান্তি পাব?

উত্তৰ বিচাৰিছে তেওঁ এই ৬ টা প্ৰশ্নৰ। শেষত তেওঁ লিখিছে স্বামীক তেওঁ ঘূৰাই বিচৰা নাই। ৰাখি খব দিছে তেওঁক তাতেই। কেৱল উত্তৰ লাগ তেওঁক, সঁচাকৈয়ে তেওঁৰ স্বামী নিজৰ ইচ্ছাতেই আলফা(স্বা)ত যোগদান কৰিছেনে?

এবাৰ নিজ মুখেৰে সেই কথা কৈ দিলে প্ৰণামী মহন্তই স্বামীক জীৱনৰ পৰাই বিসৰ্জন দিয়াৰ প্ৰতিশ্ৰুতি দিছে- ''নোৱাৰে ডাঙৰীয়া নোৱাৰে। যেতিয়ালৈকে মানুহ প্ৰকৃততে মানুহ নহয়, যেতিয়ালৈকে শিক্ষাই মানহক অন্তৰেৰে চুই নাযায়, যেতিয়ালৈকে মানুহে নিজৰ লোলুপ অভিপ্ৰায় মনত ৰাখিব তেতিয়ালৈকে কোনো স্বাধীনতাই মানুহক স্বাধীন কৰিব নোৱাৰে, হাজাৰ বিদ্যুৎ মহন্ত যাওক, এই স্বাধীনতা মৰীচিকাৰ বাহিৰে একো নহয়।

মই তেওঁক ঘূৰাই বিচৰা নাই, ৰাখি থওক তেওঁক তাতে , কেৱল মোক উত্তৰ লাগে যে তেওঁ সচাকৈয়ে গৈছে। তেওঁ যদি নিজ ইচ্ছাত গৈছো বুলি মোক এবাৰ কয়, মই এই মুহূৰ্ততে তেওঁৰ নাম মোৰ জীৱনৰপৰা বিসৰ্জন দিম। তেওঁ যাওক, কৰক অসমক স্বাধীন । আমি সকলো ইয়াৰ সাক্ষী হ'ম। কিন্তু এটা কথা মই বাৰে বাৰে কম, তেওঁৰ এই যাত্ৰাৰ নিশ্চয়তা দিয়ক''।

এইগৰাকী নাৰীৰ মৰ্মবেদনা আৰু প্ৰত্যাহ্বান ভৰা প্ৰশ্নৰ উত্তৰ পৰেশ বৰুৱাই দিব বুলি আশা কৰিব পাৰিনে? হয়তো আৱেগিক হৈয়ে তেওঁ কথাখিনি লিখিছে। উল্লেখ কৰিছে নিজেই কাৰো পুতৌৰ পাত্ৰ হ'বলৈ তেওঁ এই কথাখিনি লিখা নাই।

বিদ্যুৎ মহন্ত ক'ত সেই উত্তৰ প্ৰণামী মহন্তই বিচৰাৰ অধিকাৰ আছে। এতিয়া সেই উত্তৰ দিয়া নিদিয়াতো পৰেশ বৰুাৱৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছে। কেৱল তেওঁক লাগে এই যাত্ৰাৰ নিশ্চিয়তা।

হয়তো মুখ খুলিব পৰেশ বৰুৱাই। উত্তৰ দিব প্ৰণামী মহন্তৰ ৬ টা প্ৰশ্নৰ। সেই দায়িত্ব ইতিবাচকভাৱে গ্ৰহণ কৰি পৰেশ বৰুৱাই দিয়া উত্তৰৰ প্ৰতীক্ষাত বিদ্যুৎ মহন্তৰ পত্নী প্ৰণামী মহন্ত।

পৰেশ বৰুৱালৈ প্ৰণামী মহন্তৰ ৬ টা প্ৰশ্ন...
অফাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in