/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/dd30a29e-d9ba-440c-b9d1-acf1c485b24a/18.jpg)
ডিজিটেল ডেস্ক : স্বাস্থ্যজনিত সমস্যাৰ বাবে হাস্পতালত পুনৰ ভৰ্তি কৰোৱা হৈছে বৰ্ষীয়ান ৰাজনীতিক তথা প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানিক। বুধবাৰে নিশা তেঁওক দিল্লীৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হয়।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কেইদিনমান পূৰ্বে এইমছত ভৰ্তি কৰোৱা হৈছিল 'ভাৰত ৰত্ন' এল কে আদৱানিক। তাৰ পাছতে তেঁওক ঘৰলৈ যাবলৈ দিয়া হৈছিল যদিও নিশা পুনৰ হাস্পতালত ভৰ্তি কৰোৱাব লগা হয়।
অৱশ্যে সম্প্ৰতি ৯৬বছৰীয়া ৰাজনীতিকগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।
Also Read: বেটে-বলে পৰাক্ৰম দেখুৱাই শীৰ্ষত হাৰ্ডিক পাণ্ডিয়া : অৱনমিত সূৰ্য