বেটে-বলে পৰাক্ৰম দেখুৱাই শীৰ্ষত হাৰ্ডিক পাণ্ডিয়া : অৱনমিত সূৰ্য

বলিং তালিকাৰ শীৰ্ষত আছে ইংলেণ্ডৰ আদিল ৰছিদ। সপ্তম আৰু অষ্টম স্থানত আছে ক্ৰমে...

author-image
Asomiya Pratidin
New Update
বেটে-বলে পৰাক্ৰম দেখুৱাই শীৰ্ষত হাৰ্ডিক পাণ্ডিয়া : অৱনমিত সূৰ্য

ডিজিটেল ডেস্ক : সদ্যসমাপ্ত টি-২০ বিশ্বকাপত বেটে-বলে পৰাক্ৰম দেখুৱাই উজলি উঠা হাৰ্ডিক পাণ্ডিয়াই ফল পালে। আই চি চিৰ শেহতীয়া টি-২০ ৰেংকিঙৰ অলৰাউণ্ডাৰৰ তালিকাত শীৰ্ষস্থানলৈ উন্নীত হৈছে ভাৰতীয় ক্ৰিকেটাৰগৰাকী।

Advertisment

শ্ৰীলংকাৰ ৱানিন্দু হাছাৰাংগাক অতিক্ৰম কৰি শীৰ্ষস্থান দখল কৰে পাণ্ডিয়াই। আই চি চিৰ অলৰাউণ্ডাৰৰ তালিকাত শীৰ্ষত পাণ্ডিয়া, দ্বিতীয় স্থানত হাছাৰাংগা আৰু তৃতীয় স্থানত মাৰ্কাছ ষ্টইনিছ।

ইফালে বেটিং তালিকাত অৱনমিত হৈছে সূৰ্যকুমাৰ যাদৱ। ভাৰতীয় তাৰকা বেটাৰগৰাকীক অতিক্ৰমি অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডে শীৰ্ষস্থান দখল কৰিছে। বিপৰীতে সূৰ্যকুমাৰ দ্বিতীয় স্থনলৈ অৱনমিত হয়।

বলিং তালিকাৰ শীৰ্ষত আছে ইংলেণ্ডৰ আদিল ৰছিদ। সপ্তম আৰু অষ্টম স্থানত আছে ক্ৰমে অক্ষৰ পেটেল আৰু কুলদীপ যাদৱ।

Also Read: সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য্যৰ আজি পৱিত্ৰ পুণ্য তিথি

icc t20 hardik pandya