/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/66e0b2cd-26a9-4d25-a8ec-ca0a2e02f37b/6.jpg)
প্ৰায় এবছৰে মাতৃৰ মৃতদেহৰ সৈতে কটালে দুগৰাকী কন্যাই...
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ মাদাৰৱানত এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহে। মাতৃৰ মৃতদেহৰ সৈতে প্ৰায় এবছৰ সময় একেটা ঘৰতে দুগৰাকী যুৱতী বাস কৰি থকা ঘটনাই এতিয়া সমগ্ৰ উত্তৰ প্ৰদেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ তদন্তকাৰী বিষয়াই জনোৱা মতে, ২০২২চনৰ ডিচেম্বৰ মাহতে যুৱতী দুগৰাকীৰ মাতৃ ৫২ বছৰীয়া উষা তিৱাৰীৰ মৃত্যু হৈছিল। মাতৃৰ মৃত্যুৰ পাছত পল্লৱী আৰু বৈষ্ণৱীয়ে মাতৃৰ শেষকৃত্য সম্পন্ন কৰাৰ পৰিৱৰ্তে লেপৰ তলত মৃতদেহটো লুকুৱাই থয়। বুধবাৰে মৃত উষা তিৱাৰীৰ ভনী উপাসনা চতুৰ্বেদী আৰু ভনীজোৱাই ধৰ্মেন্দ্ৰ চতুৰ্বেদীয়ে তেওঁলোকৰ ঘৰত উপস্থিত হোৱাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে।
প্ৰথমাৱস্থাত দুই ভনীয়ে উপাসনা আৰু ধৰ্মেন্দ্ৰক তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰিবলৈ নিদিয়াত তেওঁলোকৰ সন্দেহ উপজে আৰু পৰৱৰ্তী সময়ত উপায়ন্তৰ হৈ তেওঁলোকে আৰক্ষীক খবৰ দিবলৈ বাধ্য হয়।
স্থানীয় আৰক্ষী বিষয়া শিৱকান্ত মিশ্ৰই কয় যে, তেওঁলোকে দুৱাৰ ভাঙি উষা তিৱাৰীৰ ঘৰত প্ৰৱেশ কৰি তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। তেওঁ লগতে কয় যে, উষা তিৱাৰীৰ জিয়ৰী দুগৰাকীয়ে তেওঁলোকক জনাইছে যে, অসুস্থতাৰ বাবে উষা তিৱাৰীৰ মৃত্যু হৈছিল আৰু তেওঁলোকৰ হাতত তেওঁৰ মৃতদেহ দাহ কৰিবলৈ ধন নাছিল বাবে তেওঁলোকে মাতৃৰ মৃতদেহটো এইদৰে লেপৰ তলত লুকুৱাই থৈছিল।
উল্লেখ্য যে, উষা তিৱাৰীৰ বৰ কন্যা পল্লৱী এগৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু সৰু কন্যা বৈষ্ণৱী হাইস্কুলৰ ছাত্ৰী। উপ-আৰক্ষী আয়ুক্ত আৰ এছ গৌতমে কয় যে, তেওঁলোকে ইতিমধ্যে উষা তিৱাৰীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
আৰক্ষীয়ে জনোৱা মতে, পল্লৱী আৰু বৈষ্ণৱীৰ পিতৃ ৰামকৃষ্ণ পাণ্ডে লক্ষ্ণৌত থাকে। উষা তিৱাৰীয়ে এখন প্ৰসাধন সামগ্ৰীৰ দোকান এখন চলাই জীৱন নিৰ্বাহ কৰি আছিল কিন্তু কভিড মহামাৰীৰ সময়ত তেওঁলোকৰ একমাত্ৰ উপাৰ্জনৰ পথ দোকানখনো বন্ধ হৈ পৰিছিল।
Also Read: মিজোৰামত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ, গ্ৰেপ্তাৰ ৩ জন